ছেপ্টেম্বৰ মাহ আৰম্ভ হ’ল৷ ছেপ্টেম্বৰ মাহ উৎসৱৰ মাহ৷ লগতে এই মাহতেই কেইবাটাও গ্ৰহই নিজৰ স্থান পৰিবৰ্তন কৰিব৷ তাৰ মাজতেই উল্লেখযোগ্য হৈছে শুক্ৰৰ গোচৰ৷ আগন্তুক ১৫ ছেপ্টেম্বৰত সিংহ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই৷ একেদিনাই কন্যা ৰাশিলৈ যাব বুধ৷ এই দুই গ্ৰহৰ অৱস্থান পৰিবৰ্তনৰ ফলত শুভ যোগ গঠিত হব৷ ১৫ ছেপ্টেম্বৰৰ পৰা গঠিত হব লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ এই ৰাজযোগৰ শুভ প্ৰভাৱত ছেপ্টেম্বৰৰ মাজভাগৰ পৰা প্ৰচুৰ অৰ্থলাভ হব চাৰি ৰাশিৰ জাতকৰ৷ জানি থওক ১৫ ছেপ্টেম্বৰৰ পৰা দুই হাতেৰে ধন বুটলিব কোন কোন ৰাশিৰ জাতকে?
মেষ ৰাশি
শুক্ৰ আৰু বুধৰ গোচৰৰ প্ৰভাৱত ছেপ্টেম্বৰত চকুৰ লগা উন্নতি হব মেষ ৰাশিৰ জাতকৰ৷ ১৫ ছেপ্টেম্বৰৰ পৰা প্ৰচুৰ অৰ্থ উপাৰ্জন কৰাৰ সুযোগ পাব৷ ব্যৱসায়ত লাভ বাঢ়িব৷ বেকাৰসকলে নতুন চাকৰি পাব পাৰে৷ উপাৰ্জনৰ নতুন পথ আপোনাৰ সন্মুখত খুলিব৷ বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব৷
মিথুন ৰাশি
ছেপ্টেম্বৰৰ মাজৰ পৰা কেৰিয়াৰত উন্নতি কৰিব পাৰিব মিথুন ৰাশিৰ জাতকে৷ অফিচত পদোন্নতি পাব পাৰে৷ কামৰ দায়িত্ব আৰু পদমৰ্যাদাৰ ওপৰি দৰমহা বাঢ়িব৷ যিসকলে চৰকাৰী চাকৰি লাভ কৰাৰ চেষ্টা কৰিছে তেওঁলোকেও সাফল্য পাব৷ সন্তানৰ দিশৰ পৰা সুখবৰ পাব পাৰে৷ ঘৰত সুখ শান্তি থাকিব৷
কন্যা ৰাশি
১৫ ছেপ্টেম্বৰৰ পৰা সৌভাগ্যৰ দুৱাৰ খুলিব কন্যা ৰাশিৰ জাতকৰ৷ মোটা আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ সাফল্য অৰ্জন কৰিব পাৰে৷ জীৱনত সুখ থাকিব৷ বিনিয়োগৰ পৰা লাভ বাঢ়িব৷
কুম্ভ ৰাশি
১৫ ছেপ্টেম্বৰৰ পৰা লক্ষ্মী নাৰায়ণ ৰাজযোগৰ প্ৰভাৱত ভাল সময় আহিব কুম্ভ ৰাশিৰ জাতকৰ জীৱনত৷ জীৱনত বেছ কিছু পজিটিভ পৰিবৰ্তন আহিব পাৰে৷ চাকৰি আৰু ব্যৱসায়ত উন্নতি হব৷ পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷ উপাৰ্জনৰ নতুন উৎস পাব৷ আৰ্থিক পৰিস্থিতি মজবুত হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















