যাত্ৰী ভৰ্তি বিমান আৰু সেনাৰ হেলিকপ্টাৰ মাজত ভয়ংকৰ সংঘৰ্ষ, হোৱাইট হাউছৰ সমীপতে সংঘটিত
হোৱাইট হাউছৰ পৰা মাথো ৫ কিমি আঁতৰতে সংঘটিত হয় এক অতিকে ভয়ংকৰ বিমান-হেলিকপ্টাৰ দুৰ্ঘটনা। এখন যাত্ৰী ভৰ্তি বিমানৰ সেনাৰ হেলিকপ্টাৰৰ সৈতে মুখামুখি সংঘৰ্ষ সংঘটিত হয়। এখন নদীৰ ওপৰত এই দুৰ্ঘটনা সংঘটিত হোৱাত সকলো নদীত পৰে। আনহাতে বৰ্তমানলৈ ১৮ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা কৰা হৈছে।
ভাৰতীয় সময় অনুসৰি কালি ১৯ জানুৱাৰীৰ নিশা প্ৰায় ৯ মান বজাত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ভৱন হোৱাইট হাউছৰ সমীপত বিমানখন অৱতৰণৰ সময়ত এই দুৰ্ঘটনা সংঘটিত হয়। অৱতৰণৰ সময়ত বিপৰীত দিশৰ পৰা অহা এখন আমেৰিকাৰ সেনাৰ ব্লেক হক হেলিকপ্টাৰৰ সৈতে মুখামখি সংঘৰ্ষ হয় বিমান খনৰ।
দুৰ্ঘটনাৰ সময়ত বিমান খনত মুঠ ৬০ গৰাকী যাত্ৰীৰ লগতে ৪ গৰাকী ক্ৰু মেম্বাৰসহ মুঠ ৬৪ গৰাকী যাত্ৰী আছিল। ট্ৰাম্পে ৰাষ্ট্ৰপতিৰ শাসন চম্ভালি লোৱাৰ পাছত এইটো প্ৰথমটো শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। বিমান বন্দৰৰ ভালদৰে মনিটৰ নকৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। ট্ৰাম্পে দুৰ্ঘটনাটোত শোক ব্যক্ত কৰাৰ লগতে দুৰ্ঘটনাটোক ভয়ংকৰ দুৰ্ঘটনা বুলি অবিহিত কৰিছে।
লগতে দুৰ্ঘটনাটো সন্দৰ্ভত প্ৰশ্নও উত্থাপন কৰিছে যে, কিদৰে এই দুৰ্ঘটনা হবলৈ পালে। বিমানখনে অৱতৰণৰ বাবে নিজৰ পথত আছিল। বিমানৰ লাইটো জ্বলি আছিল। আকাশো ফৰকাল আছিল, তেনে ক্ষেত্ৰত সেনাৰ হেলিকপ্টাৰ খনে কিয় নিজৰ গতি পথ সলনি কৰি নললে নাইবা ওপৰ বা তললৈ হেলিকপ্টাৰখন নিনিলে ? কন্ট্ৰোল টাৱাৰেও কিয় হেলিকপ্টাৰ খনক বিমানখনৰ বিষয়ে জনোৱা নাছিল। দুৰ্ঘটনাটো হোৱাৰ পৰা ৰখাব পৰা গ’ল হেঁতেন বুলিও মন্তব্য কৰে ট্ৰাম্পে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ