অসম লাইভ২৪ঃ ৰাজনৈতিক মহলৰ মাজৰ ৰামমন্দিৰক লৈ তৰ্ক-বিতৰ্ক অব্যাহত আছে। কিন্তু ভক্তই জানো ৰাজনৈতিক অংক মানি চলিব। কি কংগ্ৰেছ, কি বিজেপি ধৰ্মক লৈ কিন্তু কিছু ভক্তই মনত ৰামৰ প্ৰতি শ্ৰদ্ধাভাৱ কঢ়িয়াইয়ে ৰাম মন্দিৰলৈ যাত্ৰা কৰিছে। এবাৰ ৰামমন্দিৰত প্ৰৱেশ কৰি ৰামলালাক দৰ্শন কৰিয়েই তেওঁলোক সুখী। সেয়ে শীতকো নেওচি লাখ লাখ দৰ্শনাৰ্থীয়ে ভিৰ কৰিছে অযোধ্যাত। ফলস্বৰূপে বিগত ৬দিনত প্ৰায় ১৯লাখ ভক্তই দৰ্শন কৰিছে ৰাম মন্দিৰ।
বিগত ২২ জানুৱাৰীত ৰামমন্দিৰ উদ্বোধনত সমগ্ৰ দেশৰ বহুসংখ্যক নামী দামী লোকে আমন্ত্ৰণ লাভ কৰিছিল। সাধাৰণ লোকৰ বাবে সেইদিনা অৱশ্যে মন্দিৰ দৰ্শনৰ সুযোগ নাছিল। ২২ জানুৱাৰীত ৰামৰ প্ৰাণপ্ৰতিষ্ঠা কৰিছিল প্রধানমন্ত্ৰী মোদীয়ে। অমিতাভ বচ্চনৰ পৰা ৰজনীকান্ত, ৰণবীৰ কাপুৰৰ পৰা কংগনা ৰানাওট, মুকেশ আম্বানীসহ বহু অতিথি উপস্থিত আছিল সেই বিশেষ অনুষ্ঠানত। উদ্বোধনী অনুষ্ঠানৰ সমাপ্তিৰ পাছতেই সাধাৰণ লোকৰ বাবে খুলি দিয়া হয় মন্দিৰৰ দুৱাৰ। ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে জনোৱা অনুসৰি ৫লাখ মানুহে ৰামমন্দিৰত উপস্থিত হৈছিল।
কিন্তু প্ৰবল ভিৰৰ বাবে ২৩ জানুৱাৰীত বহুতেই অসুস্থ হৈ পৰিছিল। এই সমস্যা দূৰ কৰিবলৈকে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰি দিছিল ৰাম মন্দিৰৰ দুৱাৰ। অৱশেষত ভক্তৰ কথাভাৱি এই সিদ্ধান্ত সলনি কৰে যোগী চৰকাৰে। দৰ্শনাৰ্থীয়ে যাতে সুস্থভাৱে ৰামৰ দৰ্শন লাভ কৰিব পাৰে তাৰ বাবে তৈয়াৰ কৰি দিয়া হৈছে বিশেষ দল। ফলত পৰবৰ্তীকালত ভক্তৰ ঢল নামিলেও কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই।
ৰাম মন্দিৰ ট্ৰাষ্টৰ হিচাপ অনুসৰি ২৪,২৫, ২৬, ২৭ আৰু ২৮ জানুৱাৰীত ৰামমন্দিৰ ভক্তৰ সংখ্যা আছিল যথাক্ৰমে ২.৫ লাখ, ২লাখ, ৩.৫ লাখ, ২.৫লাখ আৰু ৩.২৫ লাখ। বিগত ৬দিনত ১৮লাখ ৭৫ হাজাৰৰো বেছি মানুহক স্বাগত জনাইছে ৰামমন্দিৰে। ইয়াৰফলত লাভৱান হৈছে স্থানীয় ব্যৱসায়ীসকলো। ৰামমন্দিৰত হাজাৰ হাজাৰ ভক্ত থাকিলেও কোনো অসুবিধা নোহোৱাকৈ ইয়াৰ কেম্পাছ তৈয়াৰ কৰা হৈছে। এই মন্দিৰ এনেকৈ তৈয়াৰ কৰা হৈছে যে তীব্ৰ ভূমিকম্প আহিলেও ইয়াত কোনো আঁচোৰ নপৰে। ৰুৰকিৰ CSIRৰ গৱেষক আৰু বিজ্ঞানীয়ে জনোৱা অনুসৰি ৰিখটাৰ স্কেলত কম্পনৰ মাত্ৰা ৮হ’লেও সমস্যা নহয়। অৰ্থাৎ আগন্তুক বহু বছৰ যাতে ৰামমন্দিৰ অক্ষত হৈ থাকে তেনেধৰণেই এই মন্দিৰ তৈয়াৰ কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ