আপুনিও খায় নেকি পেৰাচিটামল, সাৱধান! ৫৩ বিধ ঔষধ গুণগত পৰীক্ষাত বিফল
যদি আপুনি জ্বৰ বা বিষ হ’লে লগে লগে পেৰাচিটামল সেৱন কৰে, তেন্তে সাৱধান হওক। ড্ৰাগছ নিয়ন্ত্ৰক কেন্দ্ৰীয় ড্ৰাগছ ষ্টেণ্ডাৰ্ডছ কণ্ট্ৰল অৰ্গেনাইজেশ্যনে শেহতীয়াকৈ মাহেকীয়া ড্ৰাগছ এলাৰ্ট জাৰি কৰিছে। ইয়াত পেৰাচিটামলকে ধৰি ৫৩টা ঔষধ গুণগত পৰীক্ষাত ব্যৰ্থ হৈছে।
এই ঔষধসমূহৰ ভিতৰত কেলচিয়াম আৰু ভিটামিন ডি ৩ পৰিপূৰক, ডায়েবেটিছ প্ৰতিৰোধী বড়ি আৰু উচ্চ ৰক্তচাপৰ ঔষধো আছে। এই প্ৰতিবেদনে সাধাৰণ মানুহৰ স্বাস্থ্যৰ প্ৰতি উদ্বেগ বৃদ্ধি কৰিছে।
চিডিএছচিঅ’ই এই ৫৩বিধ ঔষধক নট অৱ ষ্টেণ্ডাৰ্ড কোৱালিটি (এনএছকিউ) এলাৰ্ট হিচাপে ঘোষণা কৰিছে। ৰাজ্যিক ড্ৰাগছ বিষয়াসকলে কৰা ৰেণ্ডম মাহেকীয়া নমুনা সংগ্ৰহৰ পৰা এন এছ কিউ সতৰ্কবাণী সৃষ্টি কৰা হয়। গুণগত মান পৰীক্ষাত উত্তীৰ্ণ নোহোৱা ঔষধসমূহৰ ভিতৰত আছে ভিটামিন চি আৰু ডি৩ টেবলেট শ্বেলকাল, ভিটামিন বি কমপ্লেক্স আৰু ভিটামিন চি চফ্টজেল, এন্টিএচিড পান-ডি, পেৰাচিটামল টেবলেট আই পি ৫০০ মিলিগ্ৰাম, ডায়েবেটিছৰ ঔষধ গ্লাইমপিৰাইড।
এই ঔষধসমূহ হেটেৰ’ ড্ৰাগছ, আলকেম লেবৰেটৰীজ, হিন্দুস্তান এন্টিবায়টিকছ লিমিটেড, কৰ্ণাটক এন্টিবায়টিকছ এণ্ড ফাৰ্মাচিউটিকেলছ লিমিটেড, মেগ লাইফছায়েন্সেছ আৰু পিউৰ এণ্ড কিউৰ হেল্থকেয়াৰ আদি কোম্পানীয়ে প্ৰস্তুত কৰে। পেটৰ সংক্ৰমণ পৰীক্ষাৰ বাবে বহুলভাৱে ব্যৱহৃত মেট্ৰনিডাজ’ল ঔষধো গুণগত পৰীক্ষাত ব্যৰ্থ হৈছে। এই ঔষধ পি এছ ইউ কোম্পানী হিন্দুস্তান এন্টিবায়টিক লিমিটেডে প্ৰস্তুত কৰে।
ড্ৰাগ ৰেগুলেটৰে প্ৰকাশ কৰিছে গুণগত পৰীক্ষাত ব্যৰ্থ হোৱা ঔষধৰ দুখন তালিকা। প্ৰথম তালিকাত ৪৮ টা জনপ্ৰিয় ঔষধৰ নাম সন্নিবিষ্ট কৰা হৈছে। একে সময়তে ৫টা ঔষধ দ্বিতীয় তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে, য’ত গুণগত পৰীক্ষাত ব্যৰ্থ হোৱা সেই ঔষধ কোম্পানীসমূহৰ বাবেও উত্তৰৰ অংশ ৰখা হৈছে।
কিন্তু, এই সন্দৰ্ভত অহা সঁহাৰিয়ে ইংগিত দিছে যে এই কোম্পানীসমূহে ঔষধসমূহক ভুৱা বুলি অভিহিত কৰি দায়িত্ব ল’বলৈ অস্বীকাৰ কৰিছে। এতিয়া এই সন্দৰ্ভত এই কোম্পানীসমূহৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়া হ’ব লক্ষ্যণীয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ