ভাইৰেল ভিডিঅ’, বাছৰ ভিতৰত ক্ৰোধান্বিত মহিলাই ২৫ বাৰ থাপৰ শোধালে এজনক
সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ, এগৰাকী মহিলাই এজন পুৰুষক এবাৰ দুবাৰ নহয় ২৫ বাৰকৈ থাপৰ শোধাইছে। বাছৰ অন্য যাত্ৰী সকলেও কোনো হকা বধা কৰা নাই মহিলাগৰাকীক। বাছৰ ভিতৰতে মহিলাগৰাকীয়ে চৰ শোধাইছে মানুহজনক।
জানিব পৰা মতে এই ভাইৰেল ভিডিঅ মহাৰাষ্ট্ৰ পুনেৰ। যদিও ভিডিঅ টোত দেখা অনুসৰি মহিলাগৰাকীয়ে নিৰ্বিচাৰে লোকগৰাকীক চৰ শোধাইছে, এই কাৰ্যত কোনেও হকা বধা কৰা নাই, তথাপি সকলোৱে বাহ বাহ দিছে মহিলাগৰাকীৰ। প্ৰকৃত কাৰণ জানি সকলোৱে শলাগ লৈছে মহিলাগৰাকীৰ।
ঘটনাসন্দৰ্ভত জানিব পৰা অনুসৰি মহিলাগৰাকীয়ে পুনেৰ এখন যাত্ৰীবাহী বাছত উঠি যাত্ৰা কৰি আছিল। তেনেতে এগৰাকী সুৰাৰ ৰাগীত মতলীয়া হৈ থকা লোক আহি মহিলাগৰাকীৰ সৈতে অশ্লীল ব্যৱহাৰ কৰিব ধৰে। ভিৰ বাছৰ সুযোগ লৈ বেয়া ইংগিত দিয়ে মহিলাগৰাকীক।
যাৰ বাবেই মহিলাগৰাকী ক্ৰোধান্বিত হৈ লগে লগে তাৰ প্ৰত্যুত্তৰ দিয়ে। সুৰাসক্ত লোকগৰাকীৰ চোলাত খামুচি ধৰি কেৱল চৰিয়াইছে। মুঠ ২৫ বাৰ চৰ শোধাই লেই লোকগৰাকীক।
https://x.com/gharkekalesh/status/1869676322240483590
যি কাৰ্যৰ বাবেই সাহসি মহিলাগৰাকীৰ শলাগ লৈছে সকলোৱে। লগতে মহিলাগৰাকীৰ এনে সাহসিকতা দেখি সেই দৃশ্য কোনোৱে কেমেৰাত বন্দী কৰি সামাজিক মাধ্যমতে দি দিয়ে। যাৰ ফলতে অতি কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰে সেই ভিডিঅ।
কেৱল সিমানেই নহয়, মহিলাগৰাকীয়ে বাছৰ চালকক যাত্ৰা পথত যি আৰক্ষী থানা পাই তাতেই ৰখাই দিবলৈ কয়, আৰু সেই মতেই আৰক্ষী থানা পোৱাৰ পাছত নিজেই সেই সুৰাসক্ত লোকজনক লৈ থানা পাইগৈ। আৰক্ষীৰ ওচৰত লোকগৰাকীক গতাই দিয়াৰ লগতে গোচৰো তৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ