ফ্লপ অভিনেতাক ছবি এৰি যাবলৈ অনুৰোধ কৰিছিল, বিচাৰিছিল ছলমানক, কিন্তু পাছলৈ ছুপাৰহিট হৈছিল ছবি
২৫ বছৰ পূৰ্বে মুক্তি পোৱা এখন বলীউড ছবি যিয়ে মুক্তিৰ পাছতে অনুৰাগীৰ মাজত জনপ্ৰিয়তাৰে তোলপাৰ লগাই দিছিল। পৰ্দাত বৰ্তমামন সময়ৰ এক কাহিনীয়ে অনুৰাগীক আকৰ্ষণ কৰিছিল। বক্স অফিচত যথেষ্ট সফল হৈছিল ২০০০ চনত মুক্তি পোৱা ছবিখনে।
পাছে সেই ছবিখন সন্দৰ্ভত সদ্যহতে ছবিখনৰ ডাইৰেক্টৰে খোলোচা কৰে এক গোপন কাহিনী। ছবিখনৰ মূখ্য চৰিত্ৰৰ নায়কৰ বাবে চুক্তি কৰা অভিনেতাক পাছত সলনি কৰিব বিচাৰিছিল ছলমান খানৰ সৈতে। কিন্তু পাছলৈ সেই ফ্লপ অভিনেতাইয়ে ছুপাৰহিত কৰাইছিল ছবি।
প্ৰীতি জিন্তা, ছৈফ আলী খান আৰু চন্দ্ৰচূড় সিং অভিনীত ছবি ‘ক্যা কেহনা’ বক্স অফিচত বিপুল হিট হৈছিল। এই ছবিখনক লৈ বলীউডচ বেচ চৰ্চাও চলিছিল। শেহতীয়াকৈ ছবিখনৰ প্ৰযোজক ৰমেশ তৌৰাণীয়ে ইয়াৰ সৈতে জড়িত বহু কথা প্ৰকাশ কৰিছে।
ৰমেশ তৌৰাণীয়ে কয় যে ছবিখনত কোনো ডাঙৰ তাৰকাৰ অনুপস্থিতিৰ বাবে কোনো বিতৰক প্ৰতিস্থানে ছবিখন কিনিবলৈ সাজু হোৱা নাছিল। যাৰ বাবে নিৰ্মাতাই শেষ মুহূৰ্তত ছবিখনৰ মুখ্য অভিনেতা সলনি কৰাৰ সিদ্ধান্ত লৈছিল।
২০০০ চনৰ হিট ছবি ‘ক্যা কেহনা’ত প্ৰীতি জিন্তাৰ বিপৰীতে দেখা চন্দ্ৰচূড়ক প্ৰযোজক ৰমেশ তৌৰানীয়ে বিশেষ অনুৰোধ জনাইছিল। ছবিখন সফল কৰিবলৈ তেওঁ চন্দ্ৰচূৰৰ ঠাইত এজন ডাঙৰ তাৰকাক লোৱাৰ সিদ্ধান্ত লৈছিল।
ৰমেশ তৌৰাণীয়ে কয় যে গুলচন কুমাৰৰ হত্যাৰ কিছু সময়ৰ পিছতে ‘ক্যা কেহনা’ৰ শ্বুটিং হৈছিল, এনে পৰিস্থিতিত বিতৰকে তেওঁৰ ছবিখন কিনাটো প্ৰয়োজনীয় হৈ পৰিছিল। বিতৰকসকলৰ আস্থা লাভ কৰিবলৈ তেওঁ চন্দ্ৰচূৰক নিজে ছবিখন এৰি যাবলৈ বিশেষ অনুৰোধ জনাইছিল।
এই ক্ষেত্ৰত ছলমানে ছবি খন কৰাত কোনো আপত্তি নাই বুলি কোৱাৰ লগতে এটা চৰ্ত ধৰি দিছিল যে, তেঁও অন্যৰ কাম কাঢ়ি লব নিবিচাৰে। সেয়ে চন্দ্ৰচূড়ে যদিহে নিজ ইচ্ছামতে ছবি এৰে তেহে ছলমানে কাম কৰিব।
কথা মতেই কাম, চন্দ্ৰচূৰে লগে লগে সন্মতি দি ছবিখন এৰিবলৈ সাজু হয়, কিন্তু পিছত অভিনেতাজনে নিজৰ সিদ্ধান্ত সলনি কৰে। যাৰ বাবে শেষত ছবিখন মূল তাৰকা অভিনেতা-অভিনেত্ৰীক লৈয়ে নিৰ্মাণ কৰা হয়।
যি ছবি ছুপাৰহিট প্ৰমাণিত হয় বক্স অফিচত। কুন্দন শ্বাহৰ পৰিচালিত কম বাজেটৰ ছবিখনে বক্স অফিচত ২০ কোটি টকা উপাৰ্জন কৰে। ‘ক্যা কেহনা’ ছবিখনৰ গীতসমূহ আজিয়ো অনুৰাগীৰ মাজত খুবেই জনপ্ৰিয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ