আমেৰিকাৰ আদালতত ভাৰতৰ বৃহৎ জয়, ২৬/১১ৰ মাষ্টাৰ মাইণ্ড আহিব দিল্লীলৈ
নতুন বছৰৰ প্ৰথমটো দিনতে ভাৰতে লাভ কৰিলে এক অতিকে সুখবৰ। আমেৰিকাৰ আদালতত বৃহৎ জয় লাভ কৰিলে ভাৰতে। এতিয়া ২৬/১১ ৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড পাকিস্তানী মূলৰ কানাডাৰ ব্যৱসায়ী তাহাউৰ ৰানাক অতি সোনকালে ভাৰতলৈ আনিব পাৰিব।
কূটনৈতিক প্ৰক্ৰিয়াৰে মুম্বাই আক্ৰমণৰ মূল অভিযুক্তক আমেৰিকাই ভাৰতৰ হাতত গতাই দিয়াৰ প্ৰস্তুতি আৰম্ভ হৈছে। ২০২৪ চনৰ আগষ্ট মাহত আমেৰিকাৰ আদালতে এই বিষয়ত ৰায় দিছিল। ভাৰত-আমেৰিকা প্ৰত্যাৰ্পণ চুক্তিৰ অধীনত তেওঁক ভাৰতলৈ প্ৰেৰণ কৰিবলৈ আদালতে অনুমোদন জনাইছিল। এতিয়া অতি সোনকালে ৰাণাক ভাৰতলৈ অনাৰ অভিযান তীব্ৰতৰ হৈ পৰিছে।
আমেৰিকাৰ আদালতে মুম্বাই আক্ৰমণৰ লগত জড়িত তাহাউৰ ৰানাক ভাৰতক প্ৰত্যাৰ্পণ কৰাৰ ক্ষেত্ৰত সন্মতি প্ৰদান কৰে। আদালতে কয় যে ভাৰতে ৰানাৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ দাখিল কৰিছে।
মুম্বাই আৰক্ষীয়ে ২৬/১১ৰ আক্ৰমণৰ গোচৰৰ অভিযোগনামাত ৰানাৰ নাম অন্তৰ্ভুক্ত কৰিছিল। তেওঁৰ বিৰুদ্ধে পাকিস্তানৰ আন্তঃসেৱা চোৰাংচোৱা সংস্থা (আই এছ আই) আৰু সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সক্ৰিয় সদস্য হোৱাৰো অভিযোগ।
তাহাউৰ ৰানা আৰু তেওঁৰ সহযোগী ডেভিদ ক’লমেন হেডলীয়ে একেলগে মুম্বাই আক্ৰমণৰ লক্ষ্য কৰি পাকিস্তানী সন্ত্ৰাসবাদীৰ বাবে ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছিল। বৰ্তমান ৰানা লছ এঞ্জেলছৰ কাৰাগাৰত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ