২ আৰু ৭ মে’ত কেইবাখনো জিলাত স্থানীয় বন্ধ ঘোষণা প্ৰশাসনৰ
পঞ্চায়ত নিৰ্বাচন সমাগত। অহা মাহত ৰাজ্যত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হব। প্ৰথম পৰ্যায়ত নিৰ্বাচন হব ২মে’ শুকুৰবাৰে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন উজনি অসম আৰু বৰাক উপত্যকাত। তাৰ পাছত ৭ মে’ বুধবাৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। দ্বিতীয় পৰ্যায়ত নামনি অসমত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন।
সেই উদ্দেশ্যে আজি প্ৰশাসনৰ ফালৰ পৰা নিৰ্বাচন অনুষ্ঠিত হ’ব লগা জিলা সমূহত স্থানীয় বন্ধৰ ঘোষণা কৰিছে।
ঘোষণা হোৱা অনুসৰি, ২ মে’ আৰু ৭ মে’ত পঞ্চায়ত নিৰ্বাচনৰ বাবে স্থানীয় বন্ধৰ ঘোষণা। ২ মে’ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ১৪ খন জিলাত প্ৰযোজ্য হ’ব এই নিৰ্দেশনা আৰু ৭ খন মে’ত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ১৩ খনকৈ জিলাত প্ৰযোজ্য হ’ব এই নিৰ্দেশনা।
২ মে’ত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজী, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাচাৰ, হাইলাকান্দি আৰু শ্ৰীভূমিত বন্ধ ঘোষণা।
আনহাতে ৭ মে’ত ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ’, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলাত বন্ধ ঘোষণা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ