তিনিদিনীয়া ভ্ৰমণসূচীৰে অসম-মিজোৰাম ভ্ৰমণলৈ অমিত শ্বাহ
তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে অসম-মিজোৰাম ভ্ৰমণৰ উদ্দেশ্যে আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। প্ৰথমে অসম তাৰ পাছত মিজোৰাম, পাছত পুনৰ অসমত এক অনুষ্ঠানত অংশ ল’ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
আজি ১৪ মাৰ্চ তাৰিখ শুকুৰবাৰে নিশা পোনে পোনে যোৰহাটস্থিত ৰৰৈয়া বিমান বন্দৰত উপস্থিত হ’ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। আজি নিশা দেৰগাঁৱতে কটাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। দেৰগাঁও স্থিত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ অতিথিশালা হ’ব আজি নিশাৰ আৱাসস্থলী।
কাইলৈ ১৫ মাৰ্চ শনিবাৰে পুৱা দেৰগাঁৱত আনুষ্ঠানিকভাৱে মুকলি কৰিব লাচিত বৰফুকন পুলিচ একাডেমী। তাৰ পাছতে ৰাওনা হ’ব মিজোৰামলৈ বুলি। অৱশ্যে নিশা পুনৰ অসমলৈ উভতি আহিব।
১৬ মাৰ্চৰ দিনা পুৱাৰ ভাগত অংশগ্ৰহণ কৰিব কোকৰাঝাৰৰ দোতমাত অনুষ্ঠিত নিখিল বড়ো ছাত্ৰ সন্থা তথা এবছুৰ বৰ্ষিক অধিবেশনৰ কাৰ্যসূচীত। পুনৰ গুৱাহাটীলৈ উভতি আহি হোটেল ৰেডিশ্বন ব্লু’ত উত্তৰ- পূৰ্বাঞ্চলৰ সকলো মুখ্যমন্ত্ৰীৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব অমিত শ্বাহ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ