• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এজন নিৰ্ভেজাল কমিউনিষ্টেই হ’ল নিউয়ৰ্কৰ মেয়ৰ! ট্ৰাম্পে হাৰিব বুলি দাবী কৰা মেয়ৰ জোহৰান মামদানিৰ আছে ভাৰতৰ সৈতে বিশেষ সম্পৰ্ক

এজন নিৰ্ভেজাল কমিউনিষ্টেই হ’ল নিউয়ৰ্কৰ মেয়ৰ! ট্ৰাম্পে হাৰিব বুলি দাবী কৰা মেয়ৰ জোহৰান মামদানিৰ আছে ভাৰতৰ সৈতে বিশেষ সম্পৰ্ক

4 months ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

1 week ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

1 week ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

1 week ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

1 week ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

1 week ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

2 weeks ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

2 weeks ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

2 weeks ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

2 weeks ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

2 weeks ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এজন নিৰ্ভেজাল কমিউনিষ্টেই হ’ল নিউয়ৰ্কৰ মেয়ৰ! ট্ৰাম্পে হাৰিব বুলি দাবী কৰা মেয়ৰ জোহৰান মামদানিৰ আছে ভাৰতৰ সৈতে বিশেষ সম্পৰ্ক

এজন নিৰ্ভেজাল কমিউনিষ্টেই হ’ল নিউয়ৰ্কৰ মেয়ৰ! ট্ৰাম্পে হাৰিব বুলি দাবী কৰা মেয়ৰ জোহৰান মামদানিৰ আছে ভাৰতৰ সৈতে বিশেষ সম্পৰ্ক

editor by editor
November 5, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
এজন নিৰ্ভেজাল কমিউনিষ্টেই হ’ল নিউয়ৰ্কৰ মেয়ৰ! ট্ৰাম্পে হাৰিব বুলি দাবী কৰা মেয়ৰ জোহৰান মামদানিৰ আছে ভাৰতৰ সৈতে বিশেষ সম্পৰ্ক
0
SHARES
237
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জোহৰান মামদানি৷ নিউয়ৰ্কৰ মেয়ৰ হোৱাৰ পথত ভাৰতীয় বংশোদ্ভূত ডেমোক্ৰেটিক নেতা৷ ৫০ শতাংশ ভোট লাভ কৰি ৩৪ বছৰ বয়সীয়া মামদানি নিৰ্বাচিত হৈছে নিউয়ৰ্কৰ মেয়ৰ পদত৷ আমেৰিকাৰ ৰাজনীতিত বামপন্থী ডেমোক্ৰেট বুলি পৰিচিত এইগৰাকী তৰুণ ৰাজনীতিবিদক লৈ বিশ্বজুৰি আৰম্ভ হৈছে চৰ্চা৷

মঙলবাৰে নিউয়ৰ্কৰ মেয়ৰ নিৰ্বাচনত জয়লাভ কৰি ইতিহাস ৰচনা কৰিছে মামদানিয়ে৷ ১০০ বছৰৰ ব্যৱধানত সৰ্বকনিষ্ঠ মেয়ৰ হিচাপে নিৰ্বাচিত হৈছে তেওঁ৷ মেয়ৰৰ আসন দখল কৰিলে আমেৰিকাৰ ইতিহাসত মামদানি হব প্ৰথম মুছলমান মেয়ৰ৷ ১০ লাখ ৩৬ হাজাৰ ৫১ টা ভোট লাভ কৰিছে এই কমিউনিষ্ট প্ৰাৰ্থীয়ে৷

মামাদিনৰ মাতৃ মীৰা নায়াৰ এগৰাকী চলচ্চিত্ৰ পৰিচালক৷ পিতৃ শিক্ষাবিদ আৰু খ্যাতনামা লেখক মাহমুদ মামদানি৷ কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপকো মাহমুদ৷ ১৯৯১ চনত আফ্ৰিকা মহাদেশৰ উগাণ্ডাৰ কেম্পালাত জোহৰান মামদানিৰ জন্ম হলেও পাছলৈ তেওঁ পিতৃ মাতৃৰ সৈতে আমেৰিকালৈ যায়গৈ৷ ১৯৯৮ চনত ৭ বছৰ বয়সৰ পৰা নিউয়ৰ্ক চিটিত বসবাস কৰিবলৈ আৰম্ভ কৰে তেওঁ৷ ২০২০ চনত প্ৰথম বাৰৰ বাবে নিউয়ৰ্ক এছেম্বলিত নিৰ্বাচিত হয় মামদানি৷ কুইন্সৰ এখন জিলাক প্ৰতিনিধিত্ব কৰিছিল তেওঁ৷ বিগত অক্টোবৰত যেতিয়া মামদানিয়ে মেয়ৰ পদৰ বাবে প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা কৰিছিল তেতিয়া তেওঁ আছিল প্ৰাদেশিক আইন প্ৰণেতা৷

নিউয়ৰ্কৰ বেছিভাগ বাসিন্দাৰ ওচৰতেই তেওঁ অপৰিচিত আছিল৷ জুন মাহত প্ৰাইমাৰী নিৰ্বাচনত নিউয়ৰ্কৰ প্ৰাক্তন গৱৰ্নৰ তথা এইবাৰৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী এণ্ডুৰ কুয়োমোক বিপুল ভোটত হৰুৱাই তেওঁ সংবাদ শিৰোনামলৈ আহে এইগৰাকী ভাৰতীয় বংশোদ্ভূত প্ৰাৰ্থী৷ নিৰ্বাচনী প্ৰচাৰত মামদানিয়ে ঘোষণা কৰে নিৰ্বাচিত হ’লে তেওঁ নিয়ন্ত্ৰিত ভাড়াত এপাৰ্টমেণ্টসমূহৰ ভাৰাবৃদ্ধি ৰোধ কৰিব৷

আগন্তুক ১০ বছৰত নিউয়ৰ্কত দুই লাখ সাশ্ৰয়ী বাসস্থান নিৰ্মাণৰ প্ৰতিশ্ৰুতিও দিছে মামদানিয়ে৷ শান্ত আৰু আত্মবিশ্বাসী মামদানিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিয়ে তৰুণ ভোটাৰক আকৰ্ষিত কৰিছিল৷ ডেমোক্ৰেটিক শিবিৰৰ প্ৰাৰ্থী হোৱাৰ কথা ঘোষণা কৰোতেই আমেৰিকাৰ প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্পৰ টাৰ্গেট হৈ পৰিছিল মামদানি৷ তেওঁৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে বিভিন্ন বেয়া খবৰ প্ৰচাৰো কৰিছিল৷ কমিউনিষ্ট প্ৰাৰ্থী মামদানি ভোটত জিকিলে নিউয়ৰ্ক চিটিৰ চৰকাৰী অনুদান বন্ধ কৰি দিয়া হব বুলিও ভাবুকি দিছিল ট্ৰাম্পে৷

ট্ৰাম্পৰ সেই ধমকিক গুৰুত্ব নিদিলে নিউয়ৰ্কবাসীয়ে৷ নিউয়ৰ্কৰ পৰা মামদানিৰ বিপৰীতে ট্ৰাম্পৰ দল ৰিপাব্লিকান পাৰ্টীৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল কুৰ্টিছ শ্লিওৱাই৷ নিৰ্বাচনী প্ৰতিদ্বন্দিতাত মামদানিক হৰুৱাব নোৱাৰিলে ট্ৰাম সমৰ্থিত প্ৰাৰ্থীয়ে৷ ১০ শতাংশতকৈয়ো কম ভোট লাভ কৰিলে কুৰ্টিছ শ্লিউৱাই৷

মাৰ্কিন প্ৰেছিডেণ্টৰ ধমকিৰ পাছতেই মামদানিয়ে কৈছে, ‘ট্ৰাম্পে বুজি উঠিছে, নিউয়ৰ্কবাসীয়ে এইবাৰ পৰিবৰ্তন বিচাৰিছে৷ এই ধমকি মোৰ বিৰুদ্ধে নহয়, বৰং নিউয়ৰ্কবাসী মানুহৰ অধিকাৰ কাঢ়ি লোৱাৰহে চেষ্টা এয়া৷’ মামদানিৰ হাতত বৈধ নাগৰিকত্ব থকা সত্ত্বেও মাত্ৰ ৭ বছৰৰ নাগৰিকত্বক লৈ বাৰে বাৰে প্ৰশ্নও কৰা হৈছিল৷ পেলেষ্টাইনৰ অধিকাৰক লৈ বাৰে বাৰে সৰৱ হোৱাক লৈয়ো আক্ৰমণ কৰিছিল মাৰ্কিন প্ৰেচিডেণ্ট ডোনাল্ড ট্ৰাম্পসহ ৰিপাব্লিকানসকল৷

মেয়ৰ নিৰ্বাচনত তেওঁৰ দলৰ শোচনীয় পৰাজয়ৰ পাছত মুখ খুলিছে প্ৰেছিডেণ্ট ট্ৰাম্পে৷ নিৰ্বাচনী সমীক্ষক সংস্থা পোলষ্টাৰৰ এক সমীক্ষাত উদাহৰণ তুলি সামাজিকমাধ্যমত হাৰৰ কাৰণ বাখ্যা কৰিছে ট্ৰাম্পে৷ তেওঁ জনায়, তেওঁলোকৰ প্ৰাৰ্থীৰ পৰাজয় ঘটিছে কাৰণ ট্ৰাম্পে নিজে এই নিৰ্বাচনৰ প্ৰাৰ্থী নাছিল৷ দ্বিতীয় কাৰণ আমেৰিকাৰ শাটডাউন৷ ট্ৰাম্পৰ দাবী, এই দুই কাৰণত তেওঁৰ দলে আঞ্চলিক নিৰ্বাচনত জিকিব নোৱাৰিলে৷ ৰাজধানী কেম্পালাৰ কাষৰ এক অভিজাত এলেকা বুজিগা হিলত প্ৰাসাদোপম বাসগৃহ আছে মামদানি পৰিয়ালৰ৷ দক্ষিণ আফ্ৰিকাৰ কেপটাউনত কিছুদিন বসবাস কৰিছিল এই পৰিয়ালে৷ উগাণ্ডাত কিছু দিন থকাৰ পাছত তেওঁলোকে আমেৰিকালৈ গুচি আহে৷ কলেজৰ পৰা স্নাতক হোৱাৰ পাছত ২০১৮ চনত আমেৰিকাৰ নাগৰিকত্ব লাভ কৰে মামদানিয়ে৷

মামদানিৰ শিক্ষাগত অৰ্হতা যদি চোৱা হয় তেন্তে তেওঁ ব্ৰঙ্কছ হাইস্কুল অফ চায়েন্সত পঢ়াশুনা কৰিছিল৷ ২০১৪ চনত মেইনৰ বোডোইন কলেজৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰে তেওঁ৷ নিউয়ৰ্কৰ হবলগীয়া মেয়ৰ মামদানিয়ে বিবাহ কৰোৱাইছে এগৰাকী চিত্ৰশিল্পীক৷ ডুবাইত বিগত বৰ্ষৰ ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হৈছে তেওঁলোক৷ চলিত বছৰৰ ফেব্ৰুৱাৰীত নিউয়ৰ্কত আইনী বিবাহ কৰাইছে৷ চলিত বছৰৰ জুলাই মাহত উগাণ্ডাত পাৰিবাৰিকভাৱে জাকজমকতাৰে অনুষ্ঠিত হৈছিল মামদানি আৰু চিত্ৰশিল্পী ৰমা ডুৱাজিৰ বিবাহৰ অনুষ্ঠান৷ মামদানিৰ এয়াই চমু পৰিচয়৷ কিন্তু মেয়ৰ নিৰ্বাচনত এজন নিৰ্ভেজাল কমিউনিষ্ট জয়ী হ’ব সেয়া ট্ৰাম্পৰ বাবেও অকল্পনীয় আছিল৷ সেই সপোন যেন লগা কথাবোৰ এতিয়া বাস্তৱ৷ তাৰ জ্বলন্ত প্ৰমাণ এই তৰুণ ৰাজনীতিবিদ জোহৰান মামদানি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
২০২৬ত পদে পদে পৰীক্ষা, এই চৰ্ততেই পাছ কৰাই নিব শনিয়ে, এই তিনি ৰাশিৰ ধৈৰ্য্যই অস্ত্ৰ

২০২৬ত পদে পদে পৰীক্ষা, এই চৰ্ততেই পাছ কৰাই নিব শনিয়ে, এই তিনি ৰাশিৰ ধৈৰ্য্যই অস্ত্ৰ

২০ নৱেম্বৰত ৩ ৰাশিৰ অগ্ৰগতি-সাফল্যত বাধা, বুধ আৰু শনিৰ সংযোগত মালামাল হ’ব কোন কোন?

২০ নৱেম্বৰত ৩ ৰাশিৰ অগ্ৰগতি-সাফল্যত বাধা, বুধ আৰু শনিৰ সংযোগত মালামাল হ’ব কোন কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.