জ্যোতিষশাস্ত্ৰ অনুসৰি, গ্ৰহৰাজ বুধক বুদ্ধিমত্তা, যোগাযোগ, যুক্তি, বাণিজ্য আৰু বিশ্লেষণাত্মক ক্ষমতাৰ কাৰক হিচাপে বিবেচনা কৰা হয়৷ বুধ গ্ৰহই ২০ নৱেম্বৰ পৰ্যন্ত অনুৰাধা নক্ষত্ৰত অৱস্থান কৰিব৷ ইয়াৰ ফলত বুধ শনিৰ সংযোগ তৈয়াৰ হব, জ্যোতিষশাস্ত্ৰ অনুসৰি গ্ৰহৰাজ বুধক বুদ্ধিমত্তা, যোগাযোগ, যুক্তি, বাণিজ্য আৰু বিশ্লেষণাত্মক ক্ষমতাৰ কাৰক হিচাপে বিবেচনা কৰা হয়৷ বুধ গ্ৰহই ২০ নৱেম্বৰ পৰ্যন্ত অনুৰাধা নক্ষত্ৰত অৱস্থান কৰিব৷ ইয়াৰ ফলত বুধ-শনিৰ সংযোগত তৈয়াৰ হ’ব, যি ৩ ৰাশিৰ অধীনত জন্মগ্ৰহনকাৰীসকলৰ বাবে উপকাৰী৷
বুধ বুদ্ধিমত্তাৰ কাৰক গ্ৰহ
জ্যোতিষশাস্ত্ৰ অনুসৰি, গ্ৰহৰাজ বুধক বুদ্ধিমত্তা, যোগাযোগ, যুক্তি, বাণিজ্য আৰু বিশ্লেষণাত্মক ক্ষমতাৰ কাৰক হিচাপে বিবেচনা কৰা হয়৷ বুধে যেতিয়া কোনো ৰাশি বা নক্ষত্ৰ পৰিবৰ্তন কৰে তেতিয়া এগৰাকী ব্যক্তিৰ চিন্তাভাৱনা, সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু আৰ্থিক অৱস্থাৰ ওপৰত প্ৰভাৱ পেলাব৷
বুধে ২০ নৱেম্বৰ পৰ্যন্ত অনুৰাধা নক্ষত্ৰত অৱস্থান কৰিব
জ্যোতিষশাস্ত্ৰৰ হিচাপ অনুসৰি, বুধ গ্ৰহই শনিৰ অনুৰাধা নক্ষত্ৰত আছে আৰু ২০ নৱেম্বৰ পৰ্যন্ত তাতেই থাকিব৷ এই সময়কালত বুধৰ অৱস্থান নিৰ্দিষ্ট ৰাশিচক্ৰৰ বাবে অত্যন্ত শুভ ফল কঢ়িয়াই আনিব৷ জানক ৩ ৰাশি সম্পৰ্কে৷
মিথুন ৰাশি
বুধৰ এই পৰিবৰ্তন মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে অগ্ৰগতি আৰু সাফল্য কঢ়িয়াই আনিব৷ কথাবাৰ্তা আৰু মধুৰ হৈ উঠিব আৰু ব্যক্তিত্ব আৰু আকৰ্ষণীয় হৈ উঠিব৷ ব্যৱসায়িক পৰিকল্পনা সফল হব আৰু পৰি থকা কামসমূহ সম্পন্ন হব পাৰে৷ এই সময়ত চাকৰিয়ালৰ বাবেও অগ্ৰগতিৰ ইংগিত দিয়ে৷ তদুপৰি আৰ্থিক লাভ আৰু সম্পৰ্কৰ মাজত সম্প্ৰীতি বৃদ্ধিৰ সম্ভাৱনা আছে৷
কন্যা ৰাশি
কন্যা ৰাশিৰ অধিপতি গ্ৰহ বুধ নিজেই, সেয়ে অনুৰাধা নক্ষত্ৰত ইয়াৰ গোচৰ বিশেষভাৱে শুভ হব৷ এই সময়ত চাকৰিজীৱিয়ে পদোন্নতি বা দৰমহা বৃদ্ধিৰ লক্ষণ পাব পাৰে৷ ব্যৱসায়ীয়েও লাভৰ সুযোগ পাব৷ এই সময়ত শিক্ষাৰ্থীসকলৰ বাবে একাগ্ৰতা আৰু সাফল্যৰ সময়৷ পৰিয়ালত সুখ, শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাব৷
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে অনুৰাধা নক্ষত্ৰত বুধৰ গোচৰ আৰ্থিক স্থিতিশীলতা আৰু আত্মবিশ্বাসৰ প্ৰতীক৷ আপোনাৰ পুৰণি পৰিকল্পনা সফল হব আৰু ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন সুযোগ তৈয়াৰ হব৷ ঋণমুক্তি বা ৰৈ থকা সম্পদ উভতাই পাব পাৰে৷ মানসিক শান্তি অনুভৱ কৰিব আৰু কৰ্মক্ষেত্ৰত চিনিয়ৰসকলৰ পৰা সহায়তা পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















