সূৰ্য আৰু শনিৰ ওপৰিও বুধ, বৃহস্পতি আৰু শুক্ৰই নৱেম্বৰত গতি পৰিবৰ্তন কৰিব৷ ফলত সমস্ত ৰাশিৰ ওপৰত গ্ৰহৰ এই গতিবিধিৰ প্ৰভাৱ দেখা যাব৷ নৱেম্বৰ মাহত গ্ৰহৰ গতি পৰিবৰ্তন উপকাৰী হ’ব কেইটামান ৰাশিৰ বাবে৷ এই মাহৰ আৰম্ভণিতে অৰ্থাৎ ৭ নৱেম্বৰত শুক্ৰই ধনু ৰাশিত গমন কৰিব৷ আৰু ১৫ নৱেম্বৰত শনিয়ে কুম্ভ ৰাশিত প্ৰৱেশ কৰিব৷ ১৬ নৱেম্বৰত সূৰ্যই বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব৷ বুধ বুদ্ধিমত্তাৰ গ্ৰহ৷ ২৬ নৱেম্বৰৰ পৰা বৃশ্চিক ৰাশিত অস্ত যাব বুধ৷ বৃহস্পতিয়ে ২৮ নৱেম্বৰত মৃগশিৰা নক্ষত্ৰৰ পৰা বাহিৰলৈ ওলাই ৰোহিনী নক্ষত্ৰত ৰূপান্তৰিত হ’ব পাৰে৷
মেষ, মিথুন, বৃশ্চিক আৰু ধনু ৰাশিৰ জাতক জাতিকা এই পৰিবৰ্তনত উপকৃত হ’ব৷ সামাজিক ক্ষেত্ৰত ব্যক্তিৰ সন্মান বৃদ্ধি পাব৷ আৰ্থিক সুবিধা হ’ব৷ ব্যৱসাত সফলতা লাভ কৰিব৷ ২৬ নৱেম্বৰত বুধে বৃশ্চিক ৰাশিত পিছুৱাই যাব পাৰে৷ এই মাৰ্গী দশাৰ প্ৰভাৱৰ কাৰণে আপুনি নেতিবাচক শক্তি আৰু ব্যৰ্থতাৰ সন্মুখীন হ’ব পাৰে৷ কৰ্কট, কন্যা, ধনু, মকৰ আৰু মীন ৰাশিত ইয়াৰ প্ৰভাৱ বেছি পৰিব৷
কৰ্কট ৰাশি
নৱেম্বৰ মাহ আপোনাৰ বাবে অত্যন্ত শুভ আৰু ফলদায়ক হ’ব৷ এই সময়ত আপোনাৰ ইচ্ছা পূৰণ হ’ব পাৰে৷ যদি আপুনি চাকৰি পৰিবৰ্তনৰ কথা ভাৱিছে তেন্তে এই সময় শুভ৷ কৰ্কট ৰাশিৰ জাতকে এই মাহত ভাগ্যৰ পূৰ্ণ সমৰ্থন পাব৷ ইয়াৰোপৰি অতীতত কৰা কঠোৰ পৰিশ্ৰমৰ ফলো এই সময়ত পাব৷ পাৰিবাৰিক জীৱনত আপোনাৰ কামৰ প্ৰশংসা পাব পাৰে৷ নৱেম্বৰ মাহটো বিবাহিতসকলৰ বাবেও শুভ হ’ব৷
সিংহ ৰাশি
এই মাহত আপুনি আপোনাৰ হেৰুওৱা শক্তি উভতাই পাব৷ বিশেষকৈ ১৬ নৱেম্বৰৰ পৰা মাহৰ শেষলৈকে এই সময় স্মৰণীয় হ’ব৷ আপুনি আপোনাৰ কৰ্মজীৱনৰ শীৰ্ষ স্থানত উপনীত হোৱাৰ সময়৷ সম্পত্তি সংক্ৰান্তিয় কোনো সমস্যা থাকিলে এই সময়ত দূৰ হ’ব৷ সামাজিক স্তৰত আপোনাৰ খ্যাতি বাঢ়িব৷ এই সময়ত বিপৰীত লিংগৰ প্ৰতি আপুনি আকৃষ্ট হ’ব পাৰে৷
ধনু ৰাশি
এই মাহ আপোনাৰ বাবে খুবেই সুখৰ হ’ব৷ ধনু ৰাশিৰ জাতকে আশানুৰূপ ফল পাব৷ যদিও আপোনাৰ প্ৰতিদ্বন্দীয়ে এই মাহত আপোনাৰ কাম নষ্ট কৰাৰ চেষ্টা কৰিব পাৰে৷ গ্ৰহসমূহৰ এনে প্ৰভাৱত আপোনাৰ কৰ্মজীৱন আকৰ্ষণীয় হৈ উঠিব৷ ধনু ৰাশিৰ জাতকে আৰ্থিক দিশৰ পৰা উন্নত হ’ব৷ এই সময়ত অৰ্থ সংকট দূৰ হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ