শুভমন গিলকে ধৰি টিম ইণ্ডিয়াৰ ৪ ক্ৰিকেটাৰ বিপদত, হ’ব পাৰে গ্ৰেপ্তাৰ
গুজৰাটৰ চি আই ডি শাখাই ভাৰতৰ ৪ জন ক্ৰিকেটাৰলৈ চমন প্ৰেৰণ কৰিছে। ৪৫০ কোটি টকাৰ চিট ফাণ্ড কেলেংকাৰীত গ্ৰেপ্তাৰ হ’ব পৰা এই চাৰিজন ক্ৰিকেটাৰ। ক্ৰিকেটাৰ কেইগৰাকী- শুভমন গিল, ৰাহুল তেৱতিয়া, মোহিত শৰ্মা আৰু ছাই সুদৰ্শন।
এই সমগ্ৰ ঘটনা তেতিয়া পোহৰলৈ আহিছে যেতিয়া বিনিয়োগ জালিয়াতিৰ কিং ভূপেন্দ্ৰ সিং জালাক তদন্তকাৰী সংস্থাই জেৰা কৰে। জালাই প্ৰকাশ কৰে যে এই চাৰিজন ক্ৰিকেটাৰে বিনিয়োগ কৰা ধন ঘূৰাই দিয়া নাই।
তদন্তকাৰী বিষয়াসকলৰ মতে, ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত গুজৰাট টাইটানছৰ অধিনায়কত্ব কৰা শুভমান গিলে এই প্ৰৱঞ্চনা আঁচনিখনত ১.৯৫ কোটি টকা বিনিয়োগ কৰিছিল। তেওঁৰ বাহিৰে আন তিনিজন ক্ৰিকেটাৰে তেওঁৰ তুলনাত কম ধন বিনিয়োগ কৰিছিল। ভূপেন্দ্ৰ সিং জালাৰ একাউণ্ট ৰক্ষণাবেক্ষণ কৰি থকা ৰুছিক মেহতাক গ্ৰেপ্তাৰ কৰিছে চি আই ডিৰ বিষয়াই।
ইয়াৰ পূৰ্বেও বিষয়াসকলে প্ৰকাশ কৰিছিল যে ভূপেন্দ্ৰ সিং জালাই ৬ হাজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিছিল যদিও পিছত এই ধনৰাশি ৪৫০ কোটি টকালৈ হ্ৰাস কৰা হয়। বিষয়াসকলে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে, “জালাই এখন অনানুষ্ঠানিক একাউণ্ট বহী ৰক্ষণাবেক্ষণ কৰি আছিল, যিখন চি আই ডি ইউনিটে দখল কৰিছে। এই বহীত ৫২ কোটি টকাৰ লেনদেন পোৱা গৈছে। তদন্ত অনুসৰি মুঠ ধনৰ আনুমানিক হিচাপ কৰা হৈছে।” ৪৫০ কোটি টকাত আৰু অভিযান অব্যাহত থকাৰ লগে লগে এই ধন বৃদ্ধি হ’ব পাৰে।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















