ব্ৰেইন ষ্ট্ৰোক সাধাৰণতে কোনো আগন্তুক সতৰ্কতা অবিহনেই ঘটে৷ হঠাৎ নিঃশব্দে আঘাত হানে৷ মাত্ৰ কেইবামিনিটৰ ভিতৰত হৈ যাব পাৰে মস্তিষ্কৰ অপূৰণীয় ক্ষতি৷ সেই কাৰণেই চিকিৎসকে ষ্ট্ৰোকৰ লক্ষণে দেখা দিয়াৰ পাছত প্ৰথম চাৰি মিনিটক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰে৷ কেইমিনিটেই ঠিক কৰি দিয়ে ৰোগীৰ ভাগ্য৷ বিশেষজ্ঞৰ মতে ষ্ট্ৰোকৰ ক্ষেত্ৰত তৎক্ষণাৎ চিকিৎসা সকলোতকৈ বেছি জৰুৰী৷ এই সময়ত এক ছেকেণ্ড দেৰী মানেই বহু ক্ষতিৰ আশংকা বাঢ়ি যোৱা৷
ব্ৰেইন ষ্ট্ৰোক কিয় হয়?
কোনো কাৰণত মস্তিষ্কৰ ৰক্ত চলাচল বাধাপ্ৰাপ্ত হ’লে ষ্ট্ৰোক হব পাৰে৷ ৰক্তনলী বন্ধ হৈ গৈ এনে কিছু ঘটিব পাৰে যি ইস্কেমিক ষ্ট্ৰোক হিচাপে পৰিচিত৷ মস্তিষ্কৰ হঠাৎ ৰক্তক্ষৰণ হলেও ষ্ট্ৰোক হব পাৰে৷ ইয়াক কোৱা হয় হেমোৰেজিক ষ্ট্ৰোক বুলে৷ মস্তিষ্ক অক্সিজেন অবিহনে এক মুহূৰ্তও টিকিব নোৱাৰে৷ ৰক্ত চলাচল বন্ধ হ’লেই অক্সিজেন সৰবৰাহ বন্ধ হৈ যায়৷ ফলত চলাফিৰাৰ পৰা চিন্তাশক্তিও মাৰাত্মকভাৱে প্ৰভাৱিত হয়৷
কিয় প্ৰথম ৪মিনিট খুবেই গুৰুত্বপূৰ্ণ?
ষ্ট্ৰোকৰ সময়ত প্ৰতি মিনিটত লাখ লাখ মস্তিষ্ক কোষ নষ্ট হয়৷ প্ৰথম চাৰি মিনিটত সঠিক সিদ্ধান্ত আৰু দ্ৰুত পদক্ষেপ ললে ক্ষতিৰ পৰিমাণ বহু পৰিমাণে কমি যায়৷ এই সময়ক সৰ্বাধিক গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰা হয়৷ প্ৰাথমিক অৱস্থাত দ্ৰুত ব্যৱস্থা নল’লে ৰোগীৰ জীয়াই থকাৰ সম্ভাৱনা আৰু সুস্থভাৱে উভতি অহাৰ সম্ভাৱনা কমি যায়৷ কেৱল হাস্পতালেই নহয় সাধাৰণ সচেতনতাও সমানে জৰুৰী৷
ব্ৰেইন ষ্ট্ৰোক বুজিব কেনেকৈ?
ষ্ট্ৰোক বুজাৰ সকলোতকৈ ভাল উপায় হৈছে FAST
FAST অৰ্থাৎ
F – Face drooping: মুখৰ এটা চাইড বেকা হৈ যাব পাৰে৷ হাঁহিলে এটা চাইডলৈ হাঁহিটো ৰূপান্তৰিত হয়৷
A – Arm weakness: হাত দাঙিবলৈ অসুবিধা হয় বা শৰীৰৰ এটা চাইড দুৰ্বল হৈ পৰে৷
S – Speech difficulty: কথা লাগি লাগি ধৰে, স্পষ্টভাৱে কথা ক’ব নোৱাৰে৷
T – Time to act: এক মুহূৰ্তও দেৰী নকৰি নিকটবৰ্তী হাস্পতাললৈ লৈ যাব পাৰে৷
প্ৰথম চাৰি মিনিটত কি কৰিব?
ষ্ট্ৰোক সন্দেহ হ’লে খাদ্য, পানী বা কোনো ঔষধ নিদিব৷ টান পোছাক পিন্ধি থাকিলে পোছাক ঢিলা কৰি দিব৷ কেতিয়াৰে পৰা লক্ষণ আৰম্ভ হৈছে সেয়া মন কৰক৷ ৰোগীক শুবলৈ নিদিব৷ সজাগ কৰি ৰখাৰ চেষ্টা কৰক৷ দ্ৰুত নিকটবৰ্তী হাস্পতাললৈ লৈ যাওক৷
ব্ৰেইন ষ্ট্ৰোকৰ চিকিৎসা
ষ্ট্ৰোকৰ ধৰণ বুজাৰ বাবে CT বা MRI কৰা হয়৷ ইস্কেমিক ষ্ট্ৰোকত তেজ গোট মৰা ভঙাৰ ঔষধ বা থ্ৰম্বেকটমিৰ দৰে পদ্ধতিৰে তেজ চলাচল সাধাৰণ কৰা সম্ভৱ৷ যিমানেই দ্ৰুত চিকিৎসা আৰম্ভ হব সিমানেই ভাল ফল পাব৷ ইয়াৰ পাছতেই দ্ৰুত ৰিহেবিলিটেছন আৰম্ভ হলে কথা কোৱা, চলাফিৰা, স্বাভাৱিক জীৱনলৈ উভতাৰ সম্ভাৱনা বাঢ়ে৷ ষ্ট্ৰোকৰ ক্ষেত্ৰত চাৰি মিনিটৰ নিয়ম কোনো তত্ত্ব নহয়, সকলোতকৈ গুৰুত্বপূৰ্ণ এই সময়৷ লক্ষণ চিনি দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰিলে জীৱন ৰক্ষা কৰা সম্ভৱ হৈ উঠে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















