অসম লাইভ২৪ঃ গৰ্ভাৱস্থাৰ সময়ছোৱাত সতৰ্ক হৈ থকাটো খুবেই জৰুৰী। কাৰণ এই সময়ছোৱাত মহিলাগৰাকীৰ শৰীৰৰ ভিতৰত আন এটা প্ৰাণ থাকে। এই নতুন প্রাণটোক আপুনি কেনেকৈ লালন পালন কৰিব সেয়া পুষ্টিগত খাদ্যৰ ওপৰত বহুপৰিমানে নিৰ্ভৰশীল। আপুনি যি খাদ্য খাই সেই খাদ্যই ভিতৰত থকা নতুন প্রাণটোৰো খাদ্য। এই সময়ত সন্তানসম্ভৱা মহিলাসকলে ডায়েট কেনেদৰে মানি চলাটো জৰুৰী? বিশেষজ্ঞসকলৰ মতে এই সময়ত এগৰাকী মহিলাই খাদ্যতালিকাত কেইবিধমান বিশেষ খাদ্য ৰাখিলে ভ্ৰূণৰ বিকাশত সহায়ক হয়। এটা সুস্থ-সৱল শিশু জন্ম দিবৰ বাবে এইকেইটা নিয়ম মানি চলাটো অতিশয় গুৰুত্বপূৰ্ণ।
গাখীৰৰ উপৰিও দৈ পনীৰ আদি
গৰ্ভাৱস্থাত গাখীৰ আৰু গাখীৰেৰে তৈয়াৰী উপাদান যেনে, দৈ, পনীৰ আদি নিয়মিত খাব পাৰে। এই ধৰণৰ খাদ্যত পৰ্যাপ্ত পৰিমাণে প্ৰটিন আৰু কেলছিয়াম থাকে। এই দুই উপাদানে ভ্ৰুণৰ বৃদ্ধিত সহায় কৰে। ইয়াৰোপৰি মাতৃৰ শৰীৰত প্ৰটিন আৰু অন্যান্য জৰুৰী খনিজৰ ঘাটি দূৰ কৰিবলৈ এইকেইটা উপাদান খুবেই জৰুৰী। দৈনিক দুগ্ধজাত খাদ্য খোৱাটো মাতৃ আৰু শিশু দুয়োৰে বাবেই ভাল।
খাদ্য তালিকাত কণী ৰাখিব পাৰে
দৈনিক পুষ্টিকৰ খাদ্য হিচাপে কণী খাব পাৰে। পুষ্টিবীদৰ মতে কণীত আছে ফাৰ্ষ্ট ক্লাছ প্ৰটিন। ইয়াৰোপৰি কেলছিয়াম, ভিটামিন ডি সহ একাধিক জৰুৰী খনিজৰ ভাণ্ডাৰ হৈছে কণী। সেয়ে শৰীৰ সুস্থ কৰি ৰাখিবলৈ দৈনিক খাদ্য তালিকাত কণী ৰাখিব পাৰে। ইয়াৰোপৰি কণীত থকা প্ৰটিনে ভ্ৰুণৰ কোষ তৈয়াৰতো সহায় কৰে। এই খাদ্যই গৰ্ভত থকা সন্তানৰ দ্ৰুত বিকাশত সহায় কৰে।
খাদ্য তালিকাত কল ৰাখিব
গৰ্ভাৱস্থাত প্ৰতিদিনেই একোটাকৈ কল খোৱাটো অতিকৈ জৰুৰী। কলত আছে ফলিক এছিড, কেলছিয়াম, পটাছিয়াম আৰু ভিটামিন বি৬। এই উপাদান গৰ্ভস্থ সন্তানৰ বাবেও উপকাৰী। কলত থকা এণ্টিঅক্সিডেণ্টে গৰ্ভাৱস্থাৰ সময়ত একাধিক ৰোগৰ পৰা মাতৃক ৰক্ষা কৰে। সেয়ে গৰ্ভাৱস্থাৰ সময়ত দৈনিক একোটা কল খোৱাটো অতি জৰুৰী।
মিঠা আলু
মিঠা আলু হ’ল বিটা কেৰটিনৰ ভাণ্ডাৰ। এই উপাদান শৰীৰত প্ৰৱেশ কৰিলেই ভিটামিন-এ লৈ ৰূপান্তৰিত হয়। এই ভিটামিনে ভ্ৰুণৰ চকুৰ বিকাশ আৰু ইমিউনিটি গঠনত সহায় কৰে। গৰ্ভস্থ সন্তানৰ স্বাস্থ্য ভালে ৰাখিবলৈ মিঠা আলু খাদ্য তালিকাত ৰাখিব পাৰে। অৱশ্যে ডায়বেটিছ আক্ৰান্তৰ বাবে এই আলু বিপজ্জনক।
দৈনিক দালি খাব পাৰে
মছুৰ দালি, মগু দালিকে ধৰি সকলোধৰণৰ দালিয়ে খনিজৰ ভাণ্ডাৰ। নিয়মিতভাৱে ফোলেট, আয়ৰণ আৰু কেলছিয়ামৰ ঘাটি দূৰ কৰিবলৈ খাদ্য তালিকাত দালি ৰাখিব পাৰে। দালি খালে ভ্ৰুণৰ বিকাশ স্বাভাৱিক হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ