চিমেণ্ট ফেক্টৰীত অতিকে শোকাৱহ দুৰ্ঘটনা, নিৰ্মাণাধীন ছাঁদ খহি ৫ নিহত, ৫০ আহত
মধ্যপ্ৰদেশত সংঘটিত হৈছে এক অতিকে শোকাৱহ দুৰ্ঘটনা নিৰ্মাণাধীন চিমেণ্ট ফেক্টৰীৰ ছাঁদ খহি অকাল মৃত্যুক সাৱটি লয় ৫ জনকৈ শ্ৰমিকে। ইয়াৰ উপৰি অন্য ৫০ৰো অধিক লোক আহত। ইয়াৰে কেইবাগৰাকী লোকৰ অৱস্থা সংকটজনক, যাৰ ফলত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা।
ৰাজ্যখনৰ পান্না স্থিত জেকে চিমেণ্ট প্লাণ্টত আজি ৩০ জানুৱাৰী তাৰিখে সংঘটিত হৈছে এই দুৰ্ঘটনা। দুৰ্ঘটনাৰ সময়ত ঘটনাস্থলীত ১০ৰো অধিক শ্ৰমিকে কাম কৰি আছিল। যাৰ ফলতেই আহতৰ আৰু মৃতকৰ সংখ্যা বৃদ্ধি পায়।
ঘটনাৰ খবৰ লাভৰ লগে লগে ঘটনাস্থলীত উদ্ধাৰাকীৰ দল আৰু এম্বুলেন্স আহি উপস্থিত হয়, লগতে আহত সকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰে। ইয়াৰে সংকটজনক অৱস্থাত থকা লোক সকলৰ কটনী হাস্পতাললৈ ৰেফাৰ কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ