এইবাৰ ভাৰতৰ হৈ ৭ গৰাকী চেলেব্ৰিটিয়ে অংশগ্ৰহণ কৰিব মীট গালাত, তালিকাত কোন কোন
মীট গালা মানেই চেলেব্ৰিটি সকলৰ সাজ-সজ্জা৷ কাৰ কিমান আকৰ্ষণীয় হয় সাজ-সজ্জা তাকেই লৈ প্ৰতিযোগিতা৷ ভাৰতীয় সকলেও অংশগ্ৰহণ কৰি আহিছে এই মীট গালাত৷ ঐশ্বৰ্যৰ পৰা আৰম্ভ কৰি প্ৰিয়ংকা চোপ্ৰা, দীপিকা, আলিয়া আদিয়ে অংশগ্ৰহণ কৰিছে পূৰ্বে৷
এইবাৰো এই মীট গালাৰ বাবে যাবলৈ সাজু হৈছে ৭ গৰাকী ভাৰতীয় চেলেব্ৰিটি৷ আজিৰে পৰা নিউয়ৰ্কত উপস্থিত হৈছে বহু লোকে৷ কাৰণ আজি ৫ মে তাৰিখে আৰম্ভ হব এই মীট গালা৷ ভাৰতীয় সময় অনুসৰি কাইলৈ ৬ মেৰ পুৱা ৩.৩০ বজাৰ পৰা আৰম্ভ হব এই অনুষ্ঠান৷
এইবাৰ মীট গালাত অংশ লব ভাৰতৰ ৭ গৰাকী চেলেব্ৰিটি৷ শ্বাহৰুখ খান, প্ৰীয়ংকা চোপ্ৰা, কিয়াৰা আদবানী, দিলজিৎ দোসাঞ্জে, নাটাছা পুনাৱালা, ইশা আম্বানী আৰু মোনা পেটেল ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ