মাত্ৰ ৯ বছৰ বয়সতে হৰুৱালে ৩ গৰাকীকৈ গ্ৰেণ্ডমাষ্টাৰ্ছক, কোন এই বিস্ময় বালক, যাৰ বিশ্বজুৰি চৰ্চা
বিশ্বজুৰি চৰ্চিত এটি ৯ বছৰীয়া শিশু। যাৰ প্ৰতিভা এতিয়া সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। কিয়নো কেৱল মাত্ৰ ৯ বছৰ বয়সতে সেই কনমানি শিশুৱে হৰুৱাইছে ৩ গৰাকীকৈ গ্ৰেণ্ডমাষ্টাৰ্ছক।
লণ্ডন নিবাসী এই ৯ বছৰীয়া স্কুলীয়া ছাত্ৰগৰাকীৰ নাম ইথেন পেং। ইথেনে দবাত সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে । চলিত বৰ্ষৰে জুন মাহত তেওঁ ২২০০ মাষ্টাৰ ৰেটিং লাভ কৰিছিল। যাৰ ফলত ইথেনে বিশ্ব অভিলেখ গঢ়ি আটাইতকৈ কম বয়সীয়া দবা খেলুৱৈ হিচাপে পৰিগণিত হয়।
ইথেনে বুডাপেষ্টত অনুষ্ঠিত হোৱা ভেজাৰ্কেপজো আই এম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। এই প্ৰতিযোগিতাতেই দ্বিতীয় আৰু পঞ্চম ৰাউণ্ডৰ মাজত একেৰাহে তিনিগৰাকীকৈ গ্ৰেণ্ডমাষ্টাৰক পৰাস্ত কৰে। ইথেন পেঙে মিলান পাচটাৰ, আটিলা জেবে আৰু জোলটান ভাৰ্গাক পৰাস্ত কৰে। অৱশ্যে তেওঁ ২৩০০ ৰেটিঙৰ বিশ্ব অভিলেখ আৰু FIDE মাষ্টাৰ খিতাপ অৰ্জন কৰাৰ পৰা বঞ্চিত হয়।
এই বৃটিছ দবা মাষ্টাৰ খেলুৱৈগৰাকীয়ে বহু অভিলেখ অৰ্জন কৰিছে। এই কম বয়সতে ইথেনে কেণ্ডিডেট মাষ্টাৰৰ উপাধিও লাভ কৰিছে। লগতে ২২০০ পইণ্টৰ বাধা অতিক্ৰম কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হৈছে।
ফাউষ্টিনো অৰোৰ অভিলেখ ভংগ কৰি ইথেনে এই কৃতিত্ব অৰ্জন কৰে। লণ্ডনৰ মাজমজিয়াত অৱস্থিত ৱেষ্টমিনিষ্টাৰ আণ্ডাৰ স্কুলৰ ছাত্ৰগৰাকীয়ে জুলাই মাহলৈকে মাত্ৰ তিনিখন প্ৰতিযোগিতাতে ৩৩৪ ৰেটিং পইণ্ট সংগ্ৰহ কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ