আজি ৰাতিয়ে জনপ্ৰিয় তামিল ছবি ‘জয় ভীম’-এ অস্কাৰলৈ মনোনীত হ’ব! এই প্ৰত্যাশাই এতিয়া ছানি ধৰিছে সামাজিক মাধ্যমত৷ বিশেষকৈ সামাজিক মাধ্যমৰ জনপ্ৰিয় চাইট টুইটাৰত ‘জয় ভীম’-এ অস্কাৰলৈ মনোনীত হ’ব বুলি প্ৰত্যাশাৰ বাৰ্তা বিয়পি পৰিছে৷
উল্লেখ্য যে অকাডেমিৰ টুইটাৰ হেণ্ডলত অস্কাৰলৈ ছবি মনোনয়নৰ ভোট গণনা আৰম্ভ হোৱা বুলি ঘোষণা কৰা হৈছে৷ ইয়াৰ পিছতে ভাৰতীয় চলচ্চিত্ৰপ্ৰেমীয়ে ভাৰতীয় ছবি হিচাপে ‘জয় ভীম’ অস্কাৰলৈ মনোনীত হ’ব বুলি আশা ব্যক্ত কৰি টুইটাৰত এক ট্ৰেণ্ড আৰম্ভ কৰিছে৷
ইতিমধ্যে ‘জয় ভীম’-এ অস্কাৰ যাত্ৰাৰ প্ৰাথমিক ধাপত প্ৰৱেশ কৰিছে৷ ছবিখনে অস্কাৰ দৌৰত ২৭৬ খন ছবিৰ মাজত স্থান লাভ কৰিছে৷ ছবি মনোনীতকৰণৰ এই ধাপটো অতিক্ৰম কৰিলেই জনপ্ৰিয় তামিল ছবি ‘জয় ভীম’-এ ৯৪ সংখ্যক অস্কাৰৰ মূল পৰ্বত প্ৰৱেশ কৰিব৷
#JaiBhim for Best Picture. Trust me on this one.
— 🍅Jacqueline🍅 (@THATJacqueline) February 8, 2022
সমগ্ৰ দেশতে উচ্চ প্ৰসংশাপ্ৰাপ্ত ‘জয় ভীম’-এ অস্কাৰলৈ মনোনীত হ’ব বুলি ভাৰতীয় দৰ্শকসকলে আশা পালি আছে৷ ছবিখনে সাধাৰণ দশকৰ লগতে সমালোচকৰ পৰাও উচ্চ প্ৰসংশা লাভ কৰিছে৷
ইফালে অস্কাৰৰ সঞ্চালক জেকলিন ক’লিৰ এটা টুইটৰ প্ৰত্যুত্তৰ দি এটা টুইটত লিখা হৈছে যে ভাৰতীয় ছবি ‘জয় ভীম’-এ অস্কাৰলৈ মনোনীত হোৱাটো নিশ্চিত৷ এই টুইটটো নিমিষতে ভাইৰেল হোৱাৰ পিছতে ভাৰতীয় দৰ্শকৰ মাজত আশাৰ সঞ্চাৰ হোৱা দেখা গৈছে৷
উল্লেখ্য যে দক্ষিণৰ চুপাৰষ্টাৰ সূৰ্যৰ অভিনীত এই ছবিখনে ইতিমধ্যে অস্কাৰৰ যাত্ৰাৰ ২৭৬ খন ছবিৰ তালিকাত স্থান লাভ কৰিছে৷
এই ছবিসমূহৰ ভিতৰৰ পৰা ‘জয় ভীম’-এ অস্কাৰৰ মূল পৰ্বত প্ৰৱেশ কৰিব নোৱাৰিলে বিদেশী ছবিৰ শিতানত স্থান লাভ কৰিব ভাৰতীয় দৰ্শকে আশা কৰিছে৷
অৰ্থাৎ আজি ৰাতিয়েই ‘জয় ভীম’-এ অস্কাৰলৈ মনোনীত হ’ব বুলি ভাৰতীয় চলচ্চিত্ৰপ্ৰেমীৰ মাজত আশা সঞ্চাৰিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ