হিজাব বিতৰ্কৰ মাজতে ৩ দিনৰ বাবে সকলো বিদ্যালয়-মহাবিদ্যালয় বন্ধৰ ঘোষণা কৰ্ণাটকত৷ মুখ্যমন্ত্ৰী বাচাৱাৰাজ এচ বুম্মাইয়ে টুইটযোগে ঘোষণা কৰিছে এই কথা৷ ৰাজ্যখনত শান্তি আৰু সম্প্ৰতি অটুট ৰাখিবৰ বাবেই কৰ্ণাটক প্ৰশাসনে এই সিদ্ধান্ত লোৱাৰ কথা প্ৰকাশ মুখ্যমন্ত্ৰীগৰাকীৰ৷ হিজাব নিষিদ্ধকৰণক লৈ বিতৰ্ক চলি থকাৰ মাজতে ৫ গৰাকী স্কুলীয়া ছাত্ৰীৰ আৱেদনৰ ভিত্তিত শুনানি অব্যাহত আছে কৰ্ণাটক উচ্চ ন্যায়ালয়ত৷
কৰ্ণাটকৰ উপৰি মধ্য প্ৰদেশতো বিদ্যালয়সমূহত হিজাব পৰিধানত নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে৷ এখন বিদ্যালয়ৰ পৰা আৰম্ভ হোৱা বিতৰ্ক সম্প্ৰতি দেশত ইমান তীব্ৰতৰ হৈ উঠিছে যে হিজাবৰ বিৰোধীতা কৰা একাংশ ছাত্ৰই জাতীয় পতাকাৰ সলনি গেৰুৱা পতাকা লগোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ