অসম লাইভ ২৪ঃ ৰাজস্থানত ২ সপ্তাহৰ সম্পূৰ্ণ লকডাউন ঘোষণা। ১০ মে’ৰ পৰা ২৪ মে’ লৈকে লকডাউন ঘোষণা কৰা হৈছে ৰাজ্যখনত। বিগত কিছু দিনত ৰাজস্থানত ভয়াৱহ হাৰত বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ ঘটনা। ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে বৃহস্পতিবাৰে নিশা ঘোষণা কৰে লকডাউন। ৩১ মে’ পৰ্যন্ত বিবাহ অনুষ্ঠান আয়োজন কৰাত নিষেধাজ্ঞা আৰোপ কৰে ৰাজস্থান চৰকাৰে। ৰাজস্থানত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে। চিকিৎসা সেৱাৰ বাদে ৰাজস্থানত সকলো পৰিৱহণ সেৱা বন্ধ কৰিছে প্ৰশাসনে। স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি, বৃহস্পতিবাৰে ৰাজস্থানত ১৭,৫৩২ গৰাকী ব্যক্তি নতুনকৈ আক্ৰান্ত হৈছে ক’ৰোনাত আৰু ১৬,০৪৪ লোক কোভিড মুক্ত হৈছে আৰু মৃত্যু হৈছে ১৬১ গৰাকী কোভিড ৰোগীৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















