অসম লাইভ ২৪ঃ সমগ্ৰ বিশ্বই কোভিডৰ বিৰুদ্ধে যুঁজি থকাৰ সময়তে দিনে দিনে পোহৰলৈ আহিছে ক’ৰোনাৰ নতুন ৰূপ। শেহতীয়াকৈ ভিয়েটনামত ধৰা পৰিছে ক’ৰোনাৰ এটা নতুন প্ৰজাতি। ভাৰত আৰু ব্ৰিটেইনৰ ষ্ট্ৰেইনৰ সংমিশ্ৰণত সৃষ্টি হৈছে এই নতুন প্ৰজাতি। এই নতুন প্ৰজাতি বতাহত দ্ৰুত গতিত বিয়পে বুলি আশংকা কৰিছে ভিয়েটনাম কৰ্তৃপক্ষই। এই প্ৰজাতি অতি মাৰাত্মক আৰু বিপদজনক বুলিও দাবী কৰিছে ভিয়েটনামৰ স্বাস্থ্যমন্ত্ৰী গুৱেন থান লঙে। এজনৰ পৰা আনজনলৈ অতি দ্ৰুত গতিত বিয়পে এই ভাইৰাছ।
বৰ্তমানো কম বেছি পৰিমানে ক’ৰোনাত বিপৰ্যস্ত সমগ্ৰ বিশ্ব। ভিয়েটনামত পুনৰ ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে। সম্প্ৰতি ৬,৮০০ গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে ক’ৰোনাত। ভিয়েটনামৰ ‘চেণ্ট্ৰেল ইনষ্টিটিউট অৱ হাইজিন এণ্ড এপিডেমিঅ’ল’জি’ৰ তৰফৰ পৰা প্ৰকাশ কৰা তথ্য অনুসৰি সম্প্ৰতি ভিয়েটনামত নতুন আক্ৰান্তৰ ৪ জনৰ শৰীৰত পোৱা গৈছে নতুন প্ৰজাতিৰ অৱস্থিতি। পুনৰ এই নতুন প্ৰজাতিৰ আৱিষ্কাৰে শংকা কঢ়িয়াইছে বিশ্ববাসীৰ বাবে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ