অসম লাইভ ২৪ঃ উত্তৰ প্ৰদেশৰ দৰে কর্ণাটকতো মুখ্যমন্ত্ৰী সলনি হোৱাৰ খবৰে লগাইছে তোলপাৰ। এই সন্দর্ভত এতিয়া মত প্ৰকাশ কৰিছে কর্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েডুৰাপ্পাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যিদিনাই দলৰ নেতৃত্বই মোক আঁতৰিবলৈ ক’ব, সেই দিনাই মই মুখ্যমন্ত্ৰী পদৰ পৰা ইস্তাফা দিম। লগতে তেওঁ কয়, তেওঁক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাব পৰাকৈ কর্ণাটক বিজেপিত নাই কোনো বিকল্প নেতা। উল্লেখযোগ্য যে এক সূত্ৰ অনুসৰি বিজেপিয়ে য়েডুৰাপ্পাক এতিয়াই মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাব বিচৰা নাই। কিন্তু দুবছৰৰ পাছত অনুষ্ঠিত হ’বলগীয়া কর্ণাটক নির্বাচনত মুখ্যমন্ত্ৰী পদৰ বাবে নতুন মুখৰ সন্ধান অব্যাহত ৰাখিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ