অসম লাইভ ২৪ঃ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কৰীণা কাপুৰ খান পুনৰ বলি হৈছে ছ’চিয়েল মিডিয়াৰ ট্ৰ’লৰ। টুইটাৰত অভিনেত্ৰীগৰাকীক বয়কট কৰিবলৈ এচাম উঠি-পৰি লাগিছে। ইয়াৰ আঁৰত আছে এক কাৰণ। দ্বিতীয়বাৰৰ বাবে মাতৃ হোৱা কৰীণা কাপুৰ খান এতিয়া সাঁজু হৈছে পুনৰ অভিনয়ৰ বাবে। কৰীণালৈ অফাৰ আহিছিল ‘সীতা’ নামৰ এখন ছবিৰ। এই ছবিখনত সীতাৰ চৰিত্ৰত অভিনয় কৰিব কৰীণাই। পিছে সীতাৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে কৰীণাই বিচাৰিছিল ১২ কোটি টকা। এতিয়া ইয়াকে লৈ অভিনেত্ৰীগৰাকী সন্মুখীন হৈছে ছ’চিয়েল মিডিয়া ট্ৰ’লৰ। ইউজাৰে লিখিছে ‘সীতাৰ দৰে এটা পৱিত্ৰ চৰিত্ৰত অভিনয় কৰিবলৈ যোগ্য নহয় কৰীণা।’ আনকি টুইটাৰত ট্ৰেণ্ডিং হৈছে #boycottkareenakapoor
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















