অসম লাইভ ২৪ঃ ক’লা ধন আৰু ছুইছ বেংক এই দুটা শব্দ মনলৈ আহিলেই এগৰাকী ব্যক্তিৰ ছবি ভাঁহি উঠে। ২০১৪ চনৰ লোকসভা নির্বাচনৰ পূর্বে দেশৰ যিটো প্ৰান্তলৈ নির্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল তাতেই তেওঁ ক’লা ধন আৰু ছুইছ বেংকৰ বিৰুদ্ধে একপ্ৰকাৰ যুদ্ধ ঘোষণা কৰিছিল। তেওঁ কৈছিল বিজেপি শাসনলৈ আহিলে ঘূৰাই অনা হ’ব ক’লা ধন। কিন্তু এবাৰ নহয়, দুবাৰৰ বাবে শাসনলৈ আহিল বিজেপি। এবাৰ নহয়, দুবাৰৰ বাবে তেৱেঁ প্ৰধানমন্ত্ৰী হ’ল। আমি ক’ব বিচাৰিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কথা। ২০১৪ চনত ছুইছ বেংকত থকা ভাৰতীয়ৰ ক’লা ধনৰ বিৰুদ্ধে একপ্ৰকাৰ যুদ্ধ ঘোষণা কৰা নৰেন্দ্ৰ মোদীয়ে যোৱা ৭ বছৰত ক’লা ধন উভতাই অনাটো বাদেই, শাসনলৈ অহাৰ পাছত ক’লা ধনক লৈ ‘ক’ আৰু ‘ধ’টোও উচ্চাৰণ নকৰিলে। ওলোটাই বিমুদ্ৰাকৰণ নীতিৰে শ’লঠেকত পেলালে ভাৰতীয় অর্থনীতিক। কিন্তু শেহতীয়াকৈ পোহৰলৈ অহা ছুইছ বেংকৰ কেইটামান তথ্যই পুনৰ আচৰিত কৰি তুলিছে দেশবাসীক। দ্বিতীয় বাৰৰ বাবে মোদী শাসনলৈ অহাৰ পাছত পুনৰ ভাৰতীয় ধন কুবেৰৰ ধন সঞ্চয়ৰ প্ৰথম পচন্দ হৈ পৰিছে ছুইছ বেংক আৰু দেশৰ ধন কুবেৰৰ এই পচন্দই ভাঙি দিলে যোৱা ১৩ বছৰৰ ৰেকর্ড। কেৱল ২০২০ চনতেই ছুইছ বেংকত জমা ধনৰ পৰিমাণ ২০,৭০০ কোটি। ২০১৮ চনত এই ধনৰ পৰিমাণ আছিল ১২,৬১৫ কোটি। ২০১৯ চনত কমি হৈছিলগৈ ৬,৬২৫ কোটি। তেন্তে এতিয়া প্ৰশ্ন হয়, ২০২০ৰ ক’ৰোনা সংকটৰ মাজতো হঠাতে ইমান কেনেকৈ বাঢ়িল ছুইছ বেংকত ধন কুবেৰৰ ধনৰ পৰিমাণ? অৱশ্যে এয়া বিত্তীয় প্ৰতিষ্ঠান, বিভিন্ন ধৰণৰ ট্ৰাষ্ট, ব’ণ্ড, ছিকিউৰিটী মানি হিচাপে যি ধন ছুইছ বেংকত জমা হৈছে তাৰ হিচাপ। তাকো এয়া কেৱল চৰকাৰী হিচাপহে। কিন্তু ছদ্ম নামত একাউণ্ট, ছদ্মবেশী সংস্থাৰ জৰিয়তে কিমান ভাৰতীয়ই অনৈতিকভাৱে ছুইছ বেংকত ধন জমা ৰাখিছে তাৰ কোনো হিচাপেই নাই। গতিকে এতিয়া আপুনি নিজেই ভাবক, ক’লা ধনৰ বিৰুদ্ধে এই যুদ্ধত কোন জিকিছে আৰু কোন হাৰিছে?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















