অসম লাইভ ২৪ঃ অলিম্পিকৰ ছেমি ফাইনেলত অভিযানৰ সামৰণি মাৰিলে ভাৰতীয় পুৰুষ হকী দলে। ছেমিত বেলজিয়ামৰ বিৰুদ্ধে ৫-২ গ’লত পৰাস্ত হয় ভাৰতীয় টীম। ৫ আগষ্টত ব্ৰঞ্জৰ পদকৰ বাবে যুঁজত নামিব ভাৰতীয় দল। অষ্ট্ৰেলিয়া অথবা জাৰ্মানীৰ বিৰুদ্ধে হ’ব এই যুঁজ। অৱশ্যে, ভাৰতৰ তৰফৰ পৰা দুটা গ’ল কৰে হৰমনপ্ৰীত সিং আৰু মনদ্বীপ সিঙে। আৰ্জেণ্টিনা, জাপান, অষ্ট্ৰেলিয়া, স্পেইন আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হৈছিল ভাৰত। পাঁচখন মেচৰ ভিতৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজিত হোৱাৰ বিপৰীতে আৰ্জেণ্টিনা, জাপান, স্পেইন আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে জয়লাভ সাব্যস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল ভাৰতীয় টীম। কোৱাৰ্টাৰ ফাইনেলত গ্ৰেট ব্ৰিটেইনক ৩-১ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে ভাৰতীয় হকী দল। সুদীৰ্ঘ ৪১ বছৰৰ পাছত অলিম্পিকৰ ছেমি ফাইনেলত প্ৰৱেশ কৰি আসাৰ সঞ্চাৰ কঢ়িয়াইছিল যদিও ছেমিত বেলজিয়ামৰ বিৰুদ্ধে পৰাজিত হৈ ব্ৰঞ্জৰ পদকৰ বিৰুদ্ধে যুঁজতেই সন্তুষ্ট থাকিবলগীয়া হয় ভাৰত। উল্লেখ্য, ১৯৮০ চনত মস্কো অলিম্পিকত অন্তিম বাৰৰ বাবে সোণৰ পদক লাভ কৰিছিল ভাৰতীয় হকী দলে। উল্লেখ্য, কাইলৈ ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব ভাৰতীয় মহিলা হকী দল লগতে চেমি ফাইনেলত নামিব বক্সাৰ লাভলীনা বৰগোহাঁই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ