অসম লাইভ ২৪ঃ প্ৰধানমন্ত্ৰী মোদীৰ ডিজিটেল ইণ্ডিয়াত সংযোজন ডিজিটেল পেমেণ্ট ছলিউচন e-RUPI। সোমবাৰে ভিডিঅ’ কনফাৰেন্সযোগে e-RUPI উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগমে(NPCI) UPI প্লেটফৰ্মত বিকশিত কৰিছে e-RUPI। বিত্তীয় সেৱা বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰ্যালয় আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণৰ সহযোগত বিকাশ কৰা হৈছে এই ডিজিটেল পেমেণ্ট ছলিউচন। প্ৰথম পৰ্যায়ত কেৱল দেশৰ স্বাস্থ্যখণ্ডত ব্যৱহাৰ কৰা হ’ব e-RUPI। পৰৱৰ্তী পৰ্যায়ত সকলো ক্ষেত্ৰতে e-RUPIৰ ব্যৱহাৰ সুনিশ্চিত কৰা হ’ব। দেশত দুৰ্নীতি ৰোধৰ বাবে এই ব্যৱস্থা গ্ৰহণৰ কৰাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰ জৰিয়তে এতিয়াৰে পৰা অধিক সহজে পেমেণ্ট আদায় কৰিব পাৰিব হিতাধিকাৰীয়ে। e-RUPI হৈছে এক OR code অথবা sms ষ্ট্ৰিং আধাৰিত ই-ভাউচাৰ, যিটো হিতাধিকাৰীৰ মোবাইললৈ প্ৰেৰণ কৰা হ’ব। এককালীন পৰিশোধ প্ৰণালীৰ জৰিয়তে ব্যৱহাৰকাৰীসকলক কাৰ্ড, জিডিটেল পেমেণ্ট অথবা ইণ্টাৰনেট বেংকিং লিংক নকৰাকৈএ ভাউচাৰ ৰিডিম কৰিবলৈ সক্ষম হ’ব। e-RUPIৰ জৰিয়তে নগদবিহীন আৰু যোগাযোগবিহীন লেনদেন কৰিবলৈ সক্ষম হ’ব ব্যৱহাৰকাৰী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ