অসম লাইভ ২৪ঃ ৭৫ তম্ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বৰপেটা জিলাৰ হাউলীৰ প্ৰতিষ্ঠিত বেচৰকাৰী সংস্থা ‘ছাবলাইম ফাউণ্ডেচন’ৰ উদ্যোগত অসমৰ প্ৰবীণ সাহিত্যিকসকলক স্বীকৃতি দিয়াৰ মানসেৰে ‘সাহিত্যিক পেঞ্চনাৰ অধ্যাপক দেৱান আব্দুল কাদিৰ সাহিত্য বঁটা ২০২১’ ঘোষণা কৰা হৈছে। এইবাৰ কেইবাগৰাকীও বিশিষ্ট সাহিত্যিকক এই বঁটাৰ বাবে বাছনি কৰা হৈছে। বিশিষ্ট সাহিত্যিকসকল ক্ৰমে— গুৱাহাটীৰ অধ্যাপক ড° আতোৱাৰ ৰহমান, বৰপেটাৰ বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ আৰু সাহিত্যিক আবুল হুছেইন। বঁটাসমূহ ৫ ছেপ্টেম্বৰত শিক্ষক দিৱসত বৰপেটা জিলাৰ হাউলীত অৱস্থিত ছাবলাইম একাডেমিত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত প্ৰদান কৰা হ’ব। এই কথা জনাইছে হাউলীৰ ছাবলাইম ফাউণ্ডেচনৰ সভাপতি ড° দেৱান নজৰুল কাদিৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















