অসম লাইভ ২৪ঃ প্ৰথমে দণ্ডাধীশৰ ঘৰৰ এটি গিলাচ চুৰি আৰু তাৰ পাছত এজন ব্যক্তিৰ আত্মহত্যাৰ ঘটনা৷ হৰেন্দ্ৰ নাথ ৰায় নামৰ ব্যক্তিগৰাকীৰ আত্মহত্যাৰ পাছতেই এতিয়া প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ অঞ্চল৷ এই ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ কুৰিপাৰত৷ ঘটনাৰ বিৱৰনী অনুসৰি, ধুবুৰী জিলাৰ কুৰীৰপাৰৰ হৰেন্দ্ৰ নাথ ৰায়ৰ জীয়ৰী প্ৰতিমা ৰায় দীৰ্ঘ দিন ধৰি ধুবুৰীৰ এগৰাকী দণ্ডাধীশৰ বাসগৃহত আন এগৰাকীৰ সৈতে বনকৰা হিচাপে কাৰ্মৰত আছিল৷ কিন্তু দুদিন পূৰ্বে দণ্ডাধীশগৰাকীৰ বাসগৃহৰ পৰা নোহোৱা হয় এটা গিলাচ৷ গিলাচটো নোহোৱা হোৱাৰ বাবে সন্দেহ কৰে বনকৰা মহিলা প্ৰতিমা ৰায়ক ৷ দণ্ডাধীশৰ ঘৰৰ পৰা মহিলা গৰাকীক উলিয়াই দিয়ে ৷ পিছত দণ্ডাধীশ গৰাকীয়ে গৌৰীপুৰ থানাত এখন এজাহাৰ দাখিল কৰে ৷ দণ্ডাধীশৰ এজাহাৰৰ ভিক্তিত গৌৰীপুৰ আৰক্ষীয়ে বনকৰা মহিলা প্ৰতিমা ৰায়ক থানালৈ লৈ গৈ অকথ্য নিৰ্য্যাতন চলায়৷ গৌৰীপুৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া হিমাক্ষী নাথৰ বিৰূদ্ধে অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে। গৌৰীপুৰ থানাত জীয়ৰীৰ ওপৰত কৰা অত্যাচাৰ সহ্য কৰিব নোৱাৰি নিশা পিতৃয়ে চিপ লৈ আত্মহত্যা কৰে৷ আৰক্ষীৰ অত্যাচাৰত সুস্থভাৱে খোজ কাঢ়িৱ নোৱাৰা অৱস্থা হয় প্ৰতিমা ৰায়ৰ৷ এই ঘটনা সহজ ভাৱে ল’ব পৰা নাই কুৰিৰপাৰৰ স্থানীয় গাঁওবাসীয়ে ৷ আৰক্ষীয়ে হৰেন্দ্ৰ নাথ ৰায়ৰ মৃতদেহ মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিবলৈ চেষ্টা কৰে যদিও গাঁওবাসীয়ে প্ৰতিমাৰ ওপৰত কৰা নিৰ্মম অত্যাচাৰৰ উচিত বিচাৰৰ দাবী কৰি প্ৰতিবাদ অব্যাহত ৰাখিছে৷ ঘটনাস্থলীত ধুবুৰীৰ চক্ৰ বিষয়া উপস্থিত হয় যদিও পৰিস্থিতি উত্তপ্ত হৈ পৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















