অসম লাইভ ২৪ঃ কাশ্মীৰৰ বিছিন্নতাবাদী নেতা চৈয়দ আলী শ্বাহ গিলানীৰ মৃত্যু৷ বুধবাৰে নিশা ৯১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে নেতাগৰাকীয়ে৷ বাৰ্ধক্যজনিত কাৰণত দীৰ্ঘদিনীয়া অসুস্থতাৰ পাছত নিজ বাসগৃহত মৃত্যু হয় গিলানীৰ৷ গিলানীৰ মৃত্যুত কাশ্মীৰত শোকৰ ছাঁ পৰিছে৷ টুইটযোগে শোক প্ৰকাশ কৰিছে মেহবুবা মুফটিয়ে৷ কাশ্মীৰৰ পৰা ৩ বাৰৰ বিধায়ক চৈয়দ আলী শ্বাহ গিলানীৰ মৃত্যুত কিছু সময়ৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ ৰখা হয় কাশ্মীৰত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















