• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সংগ্ৰামৰ বাবে ঐক্য

সংগ্ৰামৰ বাবে ঐক্য

6 years ago
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

28 minutes ago
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

1 hour ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

9 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

10 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

12 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

13 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

13 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

13 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

14 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

15 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

15 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

সংগ্ৰামৰ বাবে ঐক্য

editor by editor
July 14, 2020
in লেখা
0
সংগ্ৰামৰ বাবে ঐক্য
0
SHARES
198
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যিকোনো এটা কাম কৰিব লাগিলে অকলে কৰাটো সম্ভৱ নহয় । আমি যাক অত্যন্ত ব্যক্তিগত কাম বুলি কওঁ। ভালদৰে চালে দেখা যাব যে  সেই কামটোতো কিবা নহয় কিবা প্ৰকাৰে অইনৰ সহায় ল’বলগীয়া হয়েই । সামাজিক কামৰ ক্ষেত্ৰত ‘সামাজিক’ শব্দটোৱে নিজেই কয় যে  ই সমূহীয়া । সেই হিচাপে ৰাজহুৱা কাম মানেই হ’ল দহৰ কাম । কিন্তু  দেখা যায় যে ৰাজহুৱা কামৰ ক্ষেত্ৰত ক্ষমতা , প্ৰতিপত্তি,  লাভালাভ ইত্যাদিৰ কথা যিহেতু জড়িত হৈ থাকে, তেনেক্ষেত্ৰত  সৰু-সুৰা কথাতেই ক্ষোভ আৰু বিভাজনৰ সম্ভাৱনা বাঢ়ি যায় ! গণতন্ত্ৰত ই বৰ অস্বাভাৱিকো নহয় । কাৰণ ,  এনেবোৰ দল , সংগঠন , ব্যক্তি  আদৰ্শগতভাৱে ঐক্যবদ্ধ নহয়। ঐক্যৰ বান্ধোন দুৰ্বল । আৰু যদিহে কেৱল ক্ষমতা দখলেই একমাত্ৰ , কেৱল লক্ষ্য হয়,  তেনেহ’লে থিতাতে লুটি-বাগৰ মৰাটো সামান্য কথা হৈ পৰে । শাসকীয় দলটোলৈ চালেই প্ৰমাণিত হয়  অনায়াসে জাতীয় চিন্তা-চেতনা ঠেকেচা মাৰি থৈ দুটালৈকে ৰাষ্ট্ৰীয় দল সলোৱা মন্ত্ৰী-বিধায়ক বৰ্তমান ! অইন কথা বাদ দিলেও সমৰ্থকলৈ চালেও দেখা যায় যে অসম আন্দোলনৰ সমৰ্থক সকলেই ‘অগপ’ক সমৰ্থন কৰিলে;  সেইসকলৰেই একাংশই পৰৱৰ্তী সময়ত কংগ্ৰেছক সমৰ্থন কৰিলে । সেই একেখিনিৰেই একাংশই বিজেপিক সমৰ্থন কৰিলে । সাংবিধানিকভাবে এইক্ষেত্ৰত কাকো কোনেও একো ক’বলগীয়া নাথাকে । সকলোৰে চিন্তাৰ স্বাধীনতা আছে । দল-মত-পথ গ্ৰহণৰ অধিকাৰ আছে ! যদিহে এনে চিন্তা-চেতনা, মত-পথে দহৰ ক্ষতি নকৰে । কিন্তু  ইমানৰ পিছতো ৰাইজৰ মনত অৱধাৰিতভাবে প্ৰশ্ন আহে-প্ৰকৃততে এইসকলৰ নীতি আৰু আদৰ্শনো বাৰু কি ? এইসকলক আগত ৰাখিয়েই ছাগে  কবিয়ে ‘হঠাৎ পেট্ৰিয়ট’ শীৰ্ষক কবিতাত কৈছিল- ‘আজি এক্সট্ৰিমিষ্ট্, কালি মডাৰেট , পৰহি ৰেট্ৰ’গ্ৰেড্ … আমি যেনে মাছ দেখোঁ, তেনে জাল গোঁঠো , ইটি এৰি ধৰোঁ সিটি… আমাৰ হঠাৎ বদলে নীতি  ….’ । সেইদৰে দেৱকান্ত বৰুৱাদেৱে কৈছিল-‘ মন্ত্ৰিত্বই যাৰ শেষ কল্পনা এছেমব্লী যাৰ আশা , সিনো কি বুজিব হেৰা বীৰ তোমাৰ ৰণ দুৰ্মদ ভাষা।’

এনে প্ৰেক্ষাপটতেই দেখা পাওঁ যে   দৃঢ় ঐক্যৰ প্ৰথম আৰু প্ৰধান ভেটিটোৱেই হ’ল আদৰ্শগত ঐক্য । দ্বিতীয় আধাৰ হ’ল একে লক্ষ্য আৰু উদ্দেশ্য । কিন্তু  শ্ৰেণী চৰিত্ৰৰ ফালৰ পৰা যিহেতু মধ্যবিত্তৰ শ্ৰেণী চৰিত্ৰ দোদুল‍্যমান,  সেয়েহে  নিজকে আদৰ্শগতভাবে দৃঢ় কৰি নোলোৱালৈকৈ ব্যক্তি , দল , সংগঠনৰ মাজত  এনেবোৰ সমস্যা থাকিয়েই যাব !  এনেক্ষেত্ৰত নিম্নতম কৰ্মসূচীকেই আমি বহু মতৰ মাজত ৰাজনৈতিক আদৰ্শৰ বিকল্প হিচাপে গ্ৰহণ কৰিব পাৰোঁ ।

সম্প্ৰতি অসমৰ সন্মুখত দুটা গুৰুত্বপূৰ্ণ সমস্যা পৰ্বতপ্ৰমাণ হৈ থিয় দি আছে । এটা হ’ল-অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ জনগাঁঠনিৰ অভাৱনীয় পৰিৱৰ্তনেৰে অস্তিত্বৰ আশংকা । দ্বিতীয়টো হ’ল- সম্পদৰ অধিকাৰেৰে অৰ্থনৈতিক স্বাৱলম্বীতা , যাৰ দ্বাৰা নিবনুৱা সমস‍্যাৰ স্থায়ী সমাধান সম্ভৱ হ’ব ।

আমি বিশ্বাস কৰোঁ যে , যিসকলে অসমক সঁচাকৈয়ে ভাল পায় (‘সঁচাকৈয়ে’ শব্দটোত জোৰ দিছোঁ)  সেইসকলে উল্লিখিত সমস্যা দুটা যে এই সময়ৰ ঘাই সমস্যা সেইক্ষেত্ৰত সেইসকলৰ কাৰো দ্বিমত নাই । বাকী থকা অলেখ সমস্যা এইবোৰৰ লগৰেই । ইমানখিনিলৈকে যদি একমত হওঁ ,  তেতিয়াহ’লে সাধাৰণভাবে চাবলৈ গ’লে  ঐক্যবদ্ধ হ’বই পৰা যায় !  তেতিয়াহ’লে অৱধাৰিতভাবে এই প্ৰশ্নটো আহিবই যে কিয় ইমানদিনে  ঐক্যবদ্ধ নহ’ল ? সকলোৱেইতো জানে যে ঐক্যবদ্ধ হ’ব লাগে ! আৰু ঐক্যবদ্ধ হোৱা নাই বুলি ক’লেও কথাষাৰ শুদ্ধ নহ’ব । কাৰণ  সততে এইষাৰ কথা কৈ থকা হয় যে সদৌ অসম ছাত্ৰ সন্থা আৰু ত্ৰিছটা সংগঠন ! কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সৈতে সত্তৰটা সংগঠন… ইত্যাদি। সমস্যাটোৰ আৰম্ভণি এইখিনিৰ পৰা- কিয় ত্ৰিছে সত্তৰে লগ নালাগে ? মাজে মাজে দুই চাৰিজন ব্যক্তিয়ে বা চকুত নপৰা দুই এটা সংগঠনে নিজেই উদ্যোগ লৈ ঐক্যবদ্ধ কৰাৰ প্ৰয়াস নকৰা নহয় । কিন্তু  দুখজনকভাবে দেশ,  জাতি,  জনসাধাৰণৰ স্বাৰ্থতকৈ কোনো কোনোৱে নিজস্ব ক্ষুদ্ৰ আবেগ আদিক প্ৰাধান্য দিয়া বাবে  ঐক্যবদ্ধ হোৱাৰ ক্ষেত্ৰত এতিয়াও আশানুৰূপ ফল লাভ কৰা নাই ।

এই লিখাটো লিখি থাকোঁতে অসমৰ এই সময়ৰ আটাইতকৈ শুভ সংবাদ এটা পাই ঐক্যবদ্ধ হোৱাৰ আশাৰ ৰেঙণি দেখা পোৱা গৈছে ।  সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অখিল গগৈৰ চিকিৎসা আৰু মুক্তিৰ দাবী কৰিছে !  আমি আশ্বস্ত হৈছোঁ !  এনে লাগিছে যেন ঐক্যৰ ভেঁটি প্ৰস্তুত হ’ব ধৰিছে !  ইতিমধ্যে নৱগঠিত ‘আঞ্চলিক গণ মৰ্চা’ৰ মুখ্য আহ্বায়ক সাংসদ শ্ৰীযুত অজিত কুমাৰ ভূঞা ডাঙৰীয়াইও ঐক্যবদ্ধ কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে । কিন্তু , সম্প্ৰতি ক’ৰোনাৰ বাবে শাসকীয় দলৰ বাহিৰে অইন সকলোৱেই ঘৰতে সোমাই থাকিবলগীয়া হোৱা হেতুকে সকলো প্ৰয়াসেই বাধাপ্ৰাপ্ত হৈছে !

ঐক্যবদ্ধ হ’বই লাগিব । আৰু এই ঐক্যবদ্ধ হোৱাৰ বাবে বা কৰাৰ বাবে অৱধাৰিতভাবে  সংগ্ৰাম গঢ়ি তুলিব লাগিব । এই সংগ্ৰাম হ’ব- লক্ষ্যত উপনীত হ’বৰ বাবে প্ৰয়োজন হোৱা ঐক্যৰ বাবে সংগ্ৰাম বা অভিযান বা যাত্ৰা ।

কিন্তু অসমৰ অধিকাৰ ৰক্ষাৰ স্বাৰ্থত  কৰিবলগীয়া প্ৰতিটো সংগ্ৰামৰ বাবে অসমৰ  সকলো জাতীয়-গণতান্ত্ৰিক মনোভাবাপন্ন ব‍্যক্তি-দল-সংগঠন নিঃসংকোচে ঐক্যবদ্ধ হ’ব লাগিবই । অন্যথা ‘কেব’ৰ সময়ৰ দৰে পুনৰ ব্যৰ্থ হ’ব লাগিব ! আমি নিবিচাৰিলেও, বেয়া পালেও ঘটনা এইটোৱেই ঘটিব !

ছবছৰীয়া অসম আন্দোলনৰ সময়তো সদৌ অসম গণ-সংগ্ৰাম পৰিষদ  গঠনত কিছু শুভাকাঙ্খীৰ সহযোগত সদৌ অসম ছাত্র সন্থাই আগভাগ লৈছিল । অসমৰ ৰাইজে  বিছাৰিছে  ‘কা’ বিৰোধী শক্তি ঐক্যবদ্ধ হওক ।

আমি ভাবোঁ,  অসমত এতিয়ালৈকে যিমানবোৰ সৰু ডাঙৰ  ‘কা’ বিৰোধী দল-সংগঠন-ব্যক্তি আছে সকলোকে লৈ এখন ঐক্যমঞ্চ গঠন কৰা হওক । কাৰণ  ইতিমধ্যে সঃ অঃ ছাঃ সঃ-য়ো ৰাজনৈতিক দল গঠনৰ প্ৰস্তুতি চলোৱা বুলি ৰাজহুৱাভাবে ঘোষণা কৰিছে । তেতিয়াহ’লে স্পষ্টভাৱে  ২০২১ৰ বিধান সভা নিৰ্বাচন সকলোৰে লক্ষ্য হ’ব । এনে ক্ষেত্ৰত ঐক্যবদ্ধ হোৱাৰ প্ৰয়োজনীয়তা বহুগুণে বেছি ।  আমি ভাবোঁ, নিৰ্বাচনৰ বাবে নীতি হোৱা উচিত- ‘কা’ বিৰোধী শিবিৰৰ পৰা  এটা সমষ্টি,  এজন প্ৰাৰ্থী !

সেইদৰে , লক্ষ্য হোৱা উচিত- (১)  নাগৰিকত্ব (সংশোধনী) আইন-২০১৯  বাতিলকৰণৰ যাৱতীয় কাম কৰা, (২) সকলো মৃত উদ্যোগ  পুনৰ্জীৱিতকৰণ আৰু কৃষিভিত্তিক উদ্যোগ স্থাপনৰ যাৱতীয় দিহা কৰা, (৩)  কৃষিভূমিৰ সঠিক ব‍্যৱহাৰ কৰি উৎপাদন , সংগ্ৰহ , সঠিক সংৰক্ষণ আৰু বিপণনৰ কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণেৰে সেউজ বিপ্লৱৰ সূচনা কৰা, (৪) জৈৱ বৈচিত্ৰ্য সুৰক্ষাৰে অসমক বিশ্বৰ ভিতৰতে এখন লেখত ল’বলগীয়া পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলা, (৫) প্ৰতিগৰাকী নিবনুৱা যুৱক-যুৱতীৰ বাবে যোগ্যতানুসৰি প্ৰয়োজনীয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰি শ্ৰমৰ মৰ্যাদাৰ  এক  বাস্তৱমুখী যুগান্তকাৰী  পদক্ষেপ গ্ৰহণ কৰা।

এনেবোৰ লক্ষ্য নিৰ্বাচনী ভাষণ নহৈ শোষিত বঞ্চিত অসমক ন-কৈ গঢ়া তোলাৰ মহান   কৰ্মযজ্ঞ হওক । প্ৰতিশ্ৰুতি প্ৰতাৰণাৰ বাবে নহৈ নিষ্ঠা আৰু সাধনাৰে পালনৰ বাবে হওক ।

(লেখক শঙ্কৰ শইকীয়া এগৰাকী প্ৰতিষ্ঠিত কবি তথা নিবন্ধকাৰ)

 

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AASUassam organisationkmssলেখা
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!
জীৱনশৈলী

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

March 19, 2026
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক
জীৱনশৈলী

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

March 19, 2026
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

March 18, 2026
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!
জীৱনশৈলী

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

March 18, 2026
Next Post
‘অযোধ্যা ভুৱা’। ক’ত জন্ম হৈছিল ৰাম? ভগৱানৰ ঠিকনাক লৈ পুনৰ বিতৰ্ক।

'অযোধ্যা ভুৱা'। ক'ত জন্ম হৈছিল ৰাম? ভগৱানৰ ঠিকনাক লৈ পুনৰ বিতৰ্ক।

কাৰাগাৰৰ পৰা ওলায়েই মানস কোঁৱৰৰ বিস্ফোৰণ

কাৰাগাৰৰ পৰা ওলায়েই মানস কোঁৱৰৰ বিস্ফোৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.