• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুধাকণ্ঠক ওপজা দিনত সশ্ৰদ্ধ স্মৰণ, ৰাজ্যজুৰি আয়োজন বিশেষ অনুষ্ঠানৰ

ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ, গীতে-মাতে স্মৰণ সুধাকণ্ঠক

4 weeks ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

7 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

8 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

8 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

9 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

9 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

10 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

11 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

11 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

12 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

12 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

13 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ, গীতে-মাতে স্মৰণ সুধাকণ্ঠক

ড° ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকী উদযাপন।

editor by editor
September 8, 2026
in অসম, বিনোদন, লেখা, সংগীত
0
সুধাকণ্ঠক ওপজা দিনত সশ্ৰদ্ধ স্মৰণ, ৰাজ্যজুৰি আয়োজন বিশেষ অনুষ্ঠানৰ
0
SHARES
30
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী। জালুকবাৰীৰ সমন্বয় তীৰ্থ আটক-ধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে। গীতে-মাতে শ্ৰদ্ধাৰ্ঘ জনোৱা হৈছে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক। ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াত জন্মগ্ৰহণ কৰা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই নিজৰ সুৰ, সংগীত আৰু কথাৰে কেৱল অসমকেই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতিক দেশ-বিদেশত পৰিচিত কৰাইছিল।

গীতিকাৰ, গায়ক, সুৰকাৰ, কবি, চলচ্চিত্ৰ নিৰ্মাতা আৰু সমাজসচেতন শিল্পী হিচাপে ভূপেন হাজৰিকাৰ অৱদান আছিল বহুমুখী। তেওঁৰ সৃষ্টিত প্ৰতিফলিত হৈছিল সাধাৰণ মানুহৰ জীৱন, দুখ-কষ্ট, আশা-আকাংক্ষা, সাম্য, ভাতৃত্ববোধ আৰু মানৱতাৰ বাৰ্তা। সেইবাবেই তেওঁৰ গীত কেৱল মনোৰঞ্জনৰ মাধ্যম হৈ নাথাকি সমাজৰ কথাও কোৱা এক শক্তিশালী মাধ্যম হিচাপে পৰিগণিত হৈছিল।

শৈশৱৰে পৰা সংগীতৰ প্ৰতি বিশেষ আগ্ৰহী ভূপেন হাজৰিকাই অতি কম বয়সতে গীত ৰেকৰ্ড কৰিছিল। পৰৱৰ্তী সময়ত কাশী আৰু আমেৰিকাত উচ্চ শিক্ষা গ্ৰহণ কৰি তেওঁ সংগীত আৰু সংস্কৃতিৰ জগতত নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তোলে। অসমৰ লোকসংগীত আৰু লোকজীৱনৰ সুৰক আধুনিক সংগীতৰ সৈতে সংযোগ কৰি তেওঁ সৃষ্টি কৰিছিল এক অনন্য সংগীতধাৰা।

শদিয়াত থাকোঁতে ভূপেন হাজৰিকাৰ ঘৰৰ লগত আদিবাসী মানুহৰ খুউব মিলা-প্ৰীতি আছিল। ঘৰৰপৰা বহু দূৰৈত থকা বনুং গাঁওখনৰ মানুহে আহি কেঁচুৱা ভূপেনক চোৱা-চিতা কৰিছিল। তেওঁলোকে শান্তিপ্ৰিয়াক বৰ মৰম কৰিছিল। একোজনী আদিবাসী ছোৱালীয়ে পঞ্চলিছডাল জুইশলা কাঠী দিলে পঞ্চলিছদিন কাম কৰি দিছিল। বোধহয় তেওঁলোক বিনিময় প্ৰথাত বিশ্বাস কৰিছিল। ড’ ভূপেন হাজৰিকাৰ ঘৰত মৰমতে মতা নাম আছিল বৰ মইনা | ভূপেন হাজৰিকা ডাঙৰ হ‘লত ফুৰাবলৈ পেৰামবুলেটৰ (কেঁচুৱা ফুৰোৱা গাড়ী) কিনিবলৈ দেউতাক নীলকান্ত হাজৰিকাৰ ধন নাছিল। তেতিয়া ওচৰৰে চাহাব এজনে দেউতাকক মাতি নি তেওঁৰ ঘৰত থকা গাড়ী এখন উপহাৰস্বৰূপে দিছিল। সেইখন গাড়ীতে আদিবাসী ছোৱালীবিলাকে কেঁচুৱা ভূপেনক ঘূৰাই লৈ ফুৰাইছিল।

মাক-দেউতাকে তেওঁৰ নামটো ভূপেন্দ্ৰ কুমাৰ হাজৰিকা বুলি ৰাখিছিল। পিছে ঘৰত সদায়েই ডাঙৰ মইনা বুলি মাতিছিল। ভূপেন হাজৰিকা আছিল এনে এগৰাকী ব্যক্তি, যি সংগীতৰ জৰিয়তে আমাৰ সমাজখন সংস্কাৰ কৰিব বিচাৰিছিলি।

বৃক্কৰ সমস্যা আৰু আনুষংগিক জটিলতাত ভুগি ড॰ হাজৰিকাই ২০১১ চনৰ ৫ নৱেম্বৰৰ দিনা মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ। মৃত্যুৰ পিছত হাজৰিকাৰ নশ্বৰদেহ গুৱাহাটীলৈ অনা হয় আৰু ৯ নৱেম্বৰৰ দিনা অন্তিম সংস্কাৰ কৰা হয়, য’ত প্ৰায় ৫ লাখ জনতাই ভাগ লয়। তেওঁৰ সমাধিক্ষেত্ৰ জালুকবাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাষত প্ৰতিষ্ঠা কৰা হয়। সমাধিক্ষেত্ৰখনত ‘সোণোৱালী সোঁৱৰণি’ নামৰ এক তিনি মহলীয়া সংগ্ৰহালয়ো আছে, য’ত ভূপেন হাজৰিকাৰ জীৱনৰ লগত জড়িত সামগ্ৰী আৰু আলোকচিত্ৰ আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স
বিশ্ব

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

October 5, 2026
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন
অসম

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

October 5, 2026
Next Post
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ভূমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান?

8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: শীঘ্ৰে বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীৰ দৰমহা! শেহতীয়া আপডেটৰ সৈতে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.