• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাবাহুৰ তলেৰে গহপুৰ-নুমলীগড় সংযোগী সুৰংগ পথ

মহাবাহুৰ তলেৰে গহপুৰ-নুমলীগড় সংযোগী সুৰংগ পথ

6 years ago
8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

16 minutes ago
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

1 hour ago
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

1 hour ago
T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

2 hours ago
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

3 hours ago
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

3 hours ago
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

4 hours ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

16 hours ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

17 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

17 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

18 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মহাবাহুৰ তলেৰে গহপুৰ-নুমলীগড় সংযোগী সুৰংগ পথ

সামৰিক গুৰুত্বপূর্ণ অভিলাষী আঁচনিৰ DPRত অনুমোদন

editor by editor
July 15, 2020
in অসম
0
মহাবাহুৰ তলেৰে গহপুৰ-নুমলীগড় সংযোগী সুৰংগ পথ
0
SHARES
91
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিউজ ডেস্ক, অসম লাইভ ২৪ঃ ব্ৰহ্মপুত্ৰৰ বুকুৰে সুৰংগ পথ নির্মাণৰ এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ১৪.৮৫ কিলোমিটাৰ দৈর্ঘৰ এই সুৰংগ পথেৰে সংযুক্ত হ’ব গহপুৰ আৰু নুমলীগড়। অত‍্যাধুনিক প্ৰযুক্তিৰে মহাবাহুৰ বুকু ভেদি নির্মাণ কৰিব লগা এই সুৰংগটো হ’ব নদীৰ তলেৰে নির্মিত দেশৰ প্ৰথমটো সুৰংগ পথ। উল্লেখ‍্য, গহপুৰ-নুমলীগড় সংযোগী এখন দলং নির্মাণৰ প্ৰস্তাৱ আছিল। পিছে এই দলংখনৰ চর্চাহে হৈ থাকিল। তদুপৰি দলংখন হৈ থাকিল মাত্ৰ নির্বাচনী ভাষণৰ অংশ। ইয়াৰ বাহিৰে দলংখনৰ নামত মাটি এচপৰাও পৰা ৰাইজৰ দৃষ্টিগোচৰ হোৱা নাই। এইবাৰ উত্থাপন হৈছে অত‍্যাধুনিক সুৰংগ পথৰ প্ৰসংগ।

কিয় হঠাৎ সুৰংগ পথ নির্মাণত তৎপৰ দিল্লী?

এই সুৰংগ পথ নির্মাণত হঠাৎ কেন্দ্ৰ তৎপৰ হৈ উঠাৰ প্ৰধান কাৰণ হ’ল সীমান্তত চীনাৰ আগ্ৰাসন। যিকোনো জৰুৰীকালীন মুহূর্তত সুকলমে অৰুণাচল স্পর্শী ভাৰত-চীন সীমান্তৰ সৈতে যোগাযোগ ৰক্ষাৰ বাবে ব‍্যৱহাৰ হ’ব এই সুৰংগ পথ।

কি কি সা–সুবিধা থাকিব সুৰংগ পথত

ফৰলেনযুক্ত হ’ব এই সুৰংগ পথ। ব্ৰহ্মপুত্ৰৰ পৃষ্ঠৰ পৰা প্ৰায় ২০-৩০ মিটাৰ তলেৰে নির্মাণ হ’ব সুৰংগটো। সুৰংগটোৰে ঘণ্টাত ৮০ কিলোমিটাৰ বেগত সেনাৰ যান-বাহন যাতে চলাচল কৰিব পাৰে তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব। সুৰংগ পথটোত সংলগ্ন হ’ব পদপথ, নলা, জৰুৰীকালীন প্ৰস্থান পথৰ উপৰি সহজে বায়ুৰ চলাচলৰ বাবে ভেণ্টিলেচন। থাকিব অগ্নি নির্বাপনৰ ব‍্যৱস্থা।দুর্ঘটনা প্ৰতিৰোধমূলক ব‍্যৱস্থা থকাৰ লগতে নিৰাপত্তাৰ দিশতো থাকিব বিশেষ ব‍্যৱস্থা। সুৰংগটোত ৰে’ল পথ সংলগ্ন কৰাৰো প্ৰস্তাৱ আছে।

কোনে প্ৰস্তুত কৰিছে প্ৰাককলন?

পুনৰ লুই বার্জাৰ। ৰাজ‍্যত বহু বিতর্কৰ সৃষ্টি কৰা আমেৰিকাৰ লুই বার্জাৰ কোম্পানীৰ দ্বাৰা NHIDCLএ প্ৰস্তুত কৰাইছে ডিপিআৰ। ইতিমধ‍্যে এই প্ৰকল্প প্ৰতিবেদনত অনুমোদন জনাইছে কেন্দ্ৰই।

কোনে নির্মাণ কৰিব সুৰংগ?

অভিলাষী পথ পৰিবহন ব‍্যৱস্থাৰ অংশস্বৰূপ সুৰংগটোৰ নির্মাণৰ দায়িত্বত আছে NHIDCL।আমেৰিকাৰ কোম্পানী লুই বার্জাৰে চোৱা-চিতা কৰিব কাৰিকৰী দিশটো।

কেতিয়া কাম আৰম্ভ?

সকলো ঠিকে-ঠাকে থাকিলে ডিচেম্বৰত এই প্ৰকল্পৰ কাম শুভাৰম্ভ কৰাৰ সম্ভাৱনা আছে।

চীনৰ সুৰংগতকৈ দীঘল হ’ব মহাবাহুৰ সুৰংগ

চীনে টাইহু হ্ৰদৰ তলেৰে নির্মাণ কৰা সুৰংগ পথতকৈ দীঘল হ’ব গহপুৰ-নুমলীগড় সংযোগী সুৰংগ পথ। চীনে নির্মাণ কৰা সুৰংগ পথটোৰ দৈর্ঘ ১০.৭৯ কিলোমিটাৰ। আনহাতে ব্ৰহ্মপুত্ৰৰ নির্মাণ হ’ব প্ৰায় ১৫ কিলোমিটাৰ দৈর্ঘৰ সুৰংগ পথ।

সপোন বাস্তৱ হ’বনে?

নিৰাপত্তা আৰু চীনা আগ্ৰাসনৰ প্ৰসংগ জড়িত হৈ থকাৰ পৰিপ্ৰেক্ষিতত এই সুৰংগ নির্মাণৰ কামে অগ্ৰগতি লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু সুৰংগ পথ নির্মাণৰ খবৰ ৰাজহুৱা হোৱাৰ পাছৰে পৰা ৰাইজৰ মুখে মুখে আন কেতবোৰ সপোন চর্চা হৈছে। সপোন ১– ব্ৰহ্মপুত্ৰৰ বুকু খনন। সপোন ২– মহাবাহুৰ দুয়ো পাৰে এক্সপ্ৰেছ হাইৱে। সপোন ৩– গুৱাহাটীৰ বশিষ্ঠত টুইন টাৱাৰ। সপোন ৪– মাজুলী-নিমাতীঘাট সংযোগী দলং। সপোন ৫– ব্ৰহ্মপুত্ৰৰ বুকুৱেদি মাজুলীলৈ ছী-প্লেন। সপোন ৬– ব্ৰহ্মপুত্ৰত অ’লা ৰিভাৰ টেক্সী…।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: brahmaputragohpur to numaligarh tunnelnhidclunderground tunnel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ
অসম

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

March 20, 2026
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ
অসম

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

March 20, 2026
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ
অসম

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

March 20, 2026
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা
অসম

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

March 20, 2026
Next Post
গংগাত ক’ৰোনা ৰোগীৰ মৃতদেহ নিক্ষেপ!

গংগাত ক’ৰোনা ৰোগীৰ মৃতদেহ নিক্ষেপ!

WRINKLES কেনেদৰে আঁতৰাব?

WRINKLES কেনেদৰে আঁতৰাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.