অসম লাইভ ২৪ঃ এটা, দুটা নহয় ১৪ টাকৈ বীমা পলিচি খুলিছিল ব্যক্তিগৰাকীয়ে৷ ২৩ কোটি টকাৰ বীমা কৰিও লাভ কৰা নাছিল টকা৷ অৱশেষত টকাৰ আশাত ষড়যন্ত্ৰ ৰচি সৰ্বস্বান্ত হ’ল ব্যক্তিগৰাকী৷ হেৰুৱালে দুয়েখন ভৰি৷ ২৩ কোটি টকাৰ বীমাৰ আশাত ইচ্ছাকৃতভাৱে ৰে’লৰ আগত পৰি দুয়োখন ভৰি হেৰুৱালে ছেণ্ডাৰ নামৰ এগৰাকী ব্যক্তিয়ে৷ এই ঘটনা সংঘটিত হৈছে হাংগেৰীত৷ ২০১৪ চনতেই সংঘটিত এই ঘটনাৰ প্ৰকৃত ৰহস্য সম্প্ৰতি পোহৰলৈ আহিছে৷ ৭ বছৰ ধৰি চলা এই গোচৰৰ অনুসন্ধানৰ অন্তত পোহৰলৈ আহিছে প্ৰকৃত তথ্য৷ দুয়োখন ভৰি হেৰুৱাই বৰ্তমান কৃত্ৰিম ভৰিৰ সহায়ত চলা-ফুৰা কৰে ব্যক্তিগৰাকীয়ে৷ ভুক্তভোগী ছেণ্ডৰে সদৰী কৰা অনুসৰি কাচত পিছলি সন্তুলন হেৰুৱাই ৰে’লৰ সন্মুখত পৰিছিল৷ নিজকে নিৰ্দোষী বুলি ব্যক্ত কৰিছিল ব্যক্তিগৰাকীয়ে৷ কিন্তু প্ৰকৃত সত্য পোহৰলৈ অহাত নিজৰ দুয়োখন ভৰি হেৰুৱাৰ উপৰি ২৩ কোটি টকাও হেৰুৱাবলগীয়া হয় ব্যক্তিগৰাকীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ