অসম লাইভ ২৪ঃ শেহতীয়া বৰ্ষসমূহত ভাৰতীয় মূলৰ কেইবাগৰাকীও সুযোগ্য সন্তানে আন্তঃৰাষ্ট্ৰীয় বহুজাতিক কোম্পানীৰ লগতে বহু ক্ষেত্ৰত নিজৰ দক্ষতাৰে সফলতাৰ অন্যতম শীৰ্ষত উপনীত হ’বলৈ সক্ষম হৈছে। তাৰে ভিতৰত অন্যতম এগৰাকী ব্যক্তি হিচাপে শেহতীয়াকৈ চৰ্চালৈ আহিছে ‘পৰাগ আগৰৱাল’৷ পৰাগ আগৰৱালক যোৱা সোমবাৰে বিশ্বত বহুলভাৱে ব্যৱহৃত আৰু বিস্তাৰিত অন্যতম সামাজিক মাধ্যমৰ বহুজাতিক কোম্পানী টুইটাৰৰ CEO হিচাপে নিযুক্তি প্ৰদান কৰা হয়। ইয়াৰ পূৰ্বে সুন্দৰ পিচাই, অৰবিন্দ কৃষ্ণ, সত্য নাদেল্লা ক্ৰমে Google, IBM আৰু Microsoft কোম্পানীৰ CEO হিচাপে নিযুক্তি লাভ কৰিছিল। আৰু ইয়াৰ সমান্তৰালভাৱে শেহতীয়াকৈ পৰাগ আগৰৱালে টুইটাৰৰ CEO হিচাপে নিযুক্তি লাভ কৰে। এইয়া আমাৰ দেশৰ বাবে এই সময়ত অন্যতম এটি সুখবৰ। শিক্ষা জীৱনত পৰাগ আগৰৱালে IITৰ প্ৰৱেশ পৰীক্ষাত ৭৭ সংখ্যক স্থানেৰে বম্বে IIT ত অধ্যয়ন কৰিছিল। ২০১১ চনত টুইটাৰত এগৰাকী ছফ্ট’ৱেৰ অভিযন্তা হিচাপে যোগদান কৰিছিল পৰাগ আগৰৱালে। ঠিক সেইদৰে ২০১৮ চনত টুইটাৰ CTO হিচাপে পদোন্নতি হৈছিল পৰাগ আগৰৱালৰ। আৰু সেই একেটা ধাৰাই অব্যাহত ৰাখি এইবাৰ নিজৰ কৰ্ম দক্ষতাৰ বাবে CEO হিচাপে পদোন্নতি লাভ কৰিবলৈ সক্ষম হয়। পৰাগ আগৰৱালৰ মাতৃ এগৰাকী শিক্ষক হোৱাৰ লগতে দেউতাক পৰমাণু শক্তিৰ এগৰাকী গৱেষক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















