অসম লাইভ ২৪ঃ দুই ভাতৃৰ এটি ১৯ বছৰীয়া সপোন পূৰণ৷ এটা শৰীৰৰে দুগৰাকী যমজ ভাতৃ৷ একেটা চাকৰিত নিযুক্ত দুয়োগৰাকী ভাতৃ৷ পঞ্জাব চৰকাৰৰ বিদ্যুৎ বিভাগত ইলেক্ট্ৰিচিয়ানৰ কাম কৰে দুয়োৱে৷ যোৱা ২০ ডিচেম্বৰত আনুষ্ঠানিকভাৱে চাকৰিত যোগদান কৰিছে দুয়োৱে৷
যদিও দৰাচলতে চৰ্চাত আছে পঞ্জাৱ চৰকাৰ৷ কাৰণ পঞ্জাব চৰকাৰে এই সিদ্ধান্তই এতিয়া সুখী কৰিছে সকলোকে৷ পঞ্জাব চৰকাৰৰ বিদ্যুৎ বিভাগত ইলেক্ট্ৰিচিয়ানৰ চাকৰি প্ৰদান কৰিছে দুই যমজ ভাতৃদ্বয়ক৷ নাম তেওঁলোকৰ সহনা আৰু মহনা সিং৷ বয়স ১৯ বছৰ৷ সপোনৰ চাকৰিটো পাই এতিয়া অত্যন্ত সুখী দুয়োগৰাকী ভাতৃ৷
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ চাপ্লাই কণ্ট্ৰ’ল ৰুমত সহায়ক হিচাপে কাম কৰে দুয়োগৰাকী ভাতৃয়ে৷ দুয়োৰে উপৰি চৰকাৰৰ এই সিদ্ধান্তক লৈ এতিয়া সকলো সুখী৷ পঞ্জাৱ চৰকাৰলৈ ধন্যবাদ জনাইছে সকলোৱে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ