• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
book launching

অসমীয়া বৈজ্ঞানিক পৰিভাষাকোষৰ উন্মোচন। অসমীয়া বিজ্ঞান সাহিত্যলৈ ক্ষীৰধৰ বৰুৱাৰ বিশিষ্ট অৱদান

4 years ago
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

11 minutes ago
বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

22 minutes ago
শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

60 minutes ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

2 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

2 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

3 hours ago
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

3 hours ago
বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

3 hours ago
২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

২৬ মাৰ্চৰ পৰা সুদিনৰ আৰম্ভণি, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

4 hours ago
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

4 hours ago
মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

4 hours ago
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

অসমীয়া বৈজ্ঞানিক পৰিভাষাকোষৰ উন্মোচন। অসমীয়া বিজ্ঞান সাহিত্যলৈ ক্ষীৰধৰ বৰুৱাৰ বিশিষ্ট অৱদান

editor by editor
January 6, 2022
in অসম, বিজ্ঞান, লেখা
0
book launching

professor-dr-kulendu-pathak-release-his-book-asomiya-boijnanik-poribhasha

0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমৰ স্বনামধন্য বিজ্ঞানী, বিশিষ্ট বিজ্ঞান লেখক, বিজ্ঞান জনপ্ৰিয়কৰণৰ অক্লান্ত কৰ্মী ড০ কুলেন্দু পাঠকৰ বাসগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিজ্ঞান সাহিত্যৰ ভঁড়াল চহকী কৰি উন্মোচন কৰা হয় ‘অসমীয়া বৈজ্ঞানিক পৰিভাষাকোষ’। ২০১৪ চনত বিজ্ঞান জনপ্ৰিয়কৰণৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক বিশ্বনাথ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক, উত্তৰ-পূৰ্বাঞ্চলৰ বিজ্ঞান কাৰ্টুন ‘ছায়েন্টুন’ৰ বাটকটীয়া ক্ষীৰধৰ বৰুৱাৰ এটা দশকৰ একক প্ৰচেষ্টাৰ ফচল ‘অসমীয়া বৈজ্ঞানিক পৰিভাষাকোষ’।

১৩৪৬ পৃষ্ঠাৰ বিজ্ঞানৰ ১৬টাৰো অধিক বিষয়ৰ ৭৩,০০০টাৰো অধিক ইংৰাজী প্ৰৱিষ্টি অন্তৰ্ভুক্ত কৰা বিশ্বকোষীয় সচিত্ৰ পৰিভাষাকোষখন বনলতাই প্ৰকাশ কৰি উলিয়াইছে। কভিড-১৯ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য কৰি অসম বিজ্ঞান লেখক সংস্থাৰ প্ৰতিষ্ঠাপক, বিশিষ্ট বিজ্ঞানী ড০ দীনেশ চন্দ্ৰ গোস্বামী, বিশিষ্ট পৰিৱেশ বিজ্ঞানী গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভুগোল বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড০ অৱনী ভাগৱতী, অসম বিজ্ঞান সমিতিৰ সভাপতি ড০ মোহন চন্দ্ৰ কলিতা, ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ বিশ্বনাথ জিলাৰ সমন্বয়ক ৰিপুঞ্জয় বৰদলৈ, বিশিষ্ট শিক্ষাবিদ ড০ সন্ধ্যা পাঠক দৰে বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ড০ কুলেন্দু পাঠকে উন্মোচনী কাৰ্য সমাপন কৰে।

গ্ৰন্থখন উন্মোচন কৰি কুলেন্দু পাঠকে কয় যে “মোৰ ছাত্ৰ ক্ষীৰধৰ বৰুৱাই প্ৰণয়ন কৰা অসমীয়া বৈজ্ঞানিক পৰিভাষা কোষে অসমীয়া বিজ্ঞান সাহিত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত যথেষ্ট সহায় কৰিব”। আনহাতে বিশিষ্ট বিজ্ঞানী ড০ দীনেশ চন্দ্ৰ গোস্বামীয়ে সাংবাদিকক জনাই যে ১৯৭৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠ্যপুথি  প্ৰস্তুতি সমন্বয় সমিতিয়ে সমিতিৰ সচিব ড০ ভবেন্দ্ৰনাথ শইকীয়াৰ প্ৰচেষ্টা আৰু তত্ত্বাৱধানত ‘অসমীয়া বৈজ্ঞানিক পৰিভাষা’ নামেৰে বৈজ্ঞানিক পৰিভাষাৰ এখন গ্ৰন্থ প্ৰকাশ কৰিছিল।

পাঁচটা দশকৰ পিছত ক্ষীৰধৰ বৰুৱাৰ একক প্ৰচেষ্টাত প্ৰাণ পাই উঠা পূৰ্ণাংগ পৰ্যায়ৰ পৰিভাষাকোষখনে বিজ্ঞানৰ ১৬টাকৈ বিষয় সাঙুৰি লোৱাটো বিজ্ঞান সাহিত্যৰ ক্ষেত্ৰখনৰ বাবে অভূতপূৰ্ব সফলতা বুলি ক’ব পাৰি। অসম বিজ্ঞান সমিতিৰ সভাপতি ড০মোহন চন্দ্ৰ কলিতা আৰু ড০ অৱনী কুমাৰ ভাগৱতীয়ে পৰিভাষাকোষখনে বিজ্ঞানৰ ন-পুৰণি লেখক, অনুবাদক, পাঠ্যপুথিৰ ৰচক, সাংবাদিক, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ বহুদিনীয়া অভাৱ পূৰণ কৰিব বুলি মত ব্যক্ত কৰে।

সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত পৰিভাভাষাকোষখনৰ প্ৰণেতা ক্ষীৰধৰ বৰুৱাই জনায় যে নতুন লেখকসকলক বিজ্ঞান লেখাৰ কলা-কৌশল সম্পৰ্কে জনাত সহায়ক হোৱাকৈ পৰিশিষ্টত ‘বিজ্ঞান-সাহিত্যঃ কি,কাৰ বাবে, কেনেকৈ লিখিব’ সন্নিৱিষ্ট কৰাটো এক উল্লেখনীয় দিশ বলি আঙুলিয়াই দিয়ে।সম্প্ৰতি অসমীয়া বৈজ্ঞানিক পৰিভাষাকোষখন ‘অসম গ্ৰন্থমেলা’ৰ বনলতা বুক ষ্টলত উপলব্ধ বুলি প্ৰকাশকৰ ফালৰপৰা জনাইছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24book releasenew book release
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা
অসম

পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

March 20, 2026
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল
জীৱনশৈলী

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

March 20, 2026
শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?
জীৱনশৈলী

শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

March 20, 2026
মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?
জীৱনশৈলী

মেচিউৰিটিত পাব ৯০ লাখ টকা! পোষ্ট অফিচৰ PPF স্কিমত প্ৰতিমাহে কিমান টকাকৈ বিনিয়োগ কৰিব লাগে?

March 20, 2026
Next Post
অসমত প্ৰতিটো সংক্ৰমণকে অমিক্ৰন বুলি গণ্য কৰা হৈছে। ১৫ জানুৱাৰীৰ পৰা ভেকচিন নোলোৱা লোকৰ বাবে কাৰ্ফিউ

অসমত প্ৰতিটো সংক্ৰমণকে অমিক্ৰন বুলি গণ্য কৰা হৈছে। ১৫ জানুৱাৰীৰ পৰা ভেকচিন নোলোৱা লোকৰ বাবে কাৰ্ফিউ

election commisision

জল্পনা-কল্পনাৰ অন্ত, ঘোষণা হ'ব ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.