দক্ষিণৰ ষ্টাৰ ধনুষ আৰু ৰজনী-কন্যাৰ বিবাহ বিচ্ছেদৰ খবৰে তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়া৷ দুয়োৰে অনুৰাগীৰ মাজত কৌতুহলৰ অন্ত নাই৷ ইফালে পাৰিবাৰিক কন্দলৰ বাবেই এই চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে পৰিয়ালৰ লোকে৷ বৃহস্পতিবাৰে ধনুষ আৰু ঐশ্বৰ্যাৰ কাষত উপস্থিত হয় ছুপাৰষ্টাৰ ৰজনীকান্ত৷
সম্প্ৰতি দুয়োৰে বিবাহ বিচ্ছেদক লৈ সৰ্বভাৰতীয় মিডিয়াত চৰ্চা অব্যাহত আছে৷ ৰজনীকান্তৰ বুজনিয়েও সিদ্ধান্ত সলনি কৰিব পৰা নাই ধনুষৰ ৷ বিগত ১৭ জানুৱাৰীত দুয়োৱে টুইটযোগে ঘোষণা কৰিছিল বিবাহ বিচ্ছেদৰ সিদ্ধান্তৰ কথা৷
পাৰিবাৰিক কন্দলৰ পৰিনতিত এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ৰাজহুৱা কৰিছিল দক্ষিণৰ জনপ্ৰিয় অভিনেতা ধনুষ আৰু পত্নী তথা পৰিচালক ঐশ্বৰ্য্যাই ৷ ঐশ্বৰ্য্যা ছুপাৰষ্টাৰ ৰজনীকান্তৰ কন্যা৷ আজি ধনুষ আৰু ঐশ্বৰ্যাৰ গৃহত উপস্থিত ৰজনীকান্ত৷ ইফালে দুয়োৰে ১৮ বছৰীয়া বৈবাহিক জীৱনৰ সামৰণি মৰাৰ সিদ্ধান্তৰ কথা ৰাজহুৱা হোৱাৰ পাছতে দুখত ভাগি পৰিছে অনুৰাগী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ