ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে৷
সোমবাৰে ফলাফল ঘোষণা কৰা অনুসৰি ২২ খন আসনৰ ভিতৰত বিজেপি-অগপৰ মিত্ৰজোঁটে দখল কৰিছে ১৭ খন, কংগ্ৰেছে ৪ খন আৰু নিৰ্দলীয়ই ১ খন আসনত বিজয়ী হৈছে৷
ঘোষিত ফলাফল অনুসৰি দিহিঙীয়া সমষ্টিত কংগ্ৰছৰ অচিন্ত শইকীয়া, জালুকনীবাৰীত বিজেপিৰ শ্যামল কৃষ্ণ বৰা, তিতাবৰত বিজেপিৰ বন্তি শইকীয়া আৰু বৰুৱাজানত বিজেপিৰ কুমুদ চন্দ্ৰ কছাৰী নিৰ্বাচিত হৈছে৷
ইফালে নগাবাটত বিজেপিৰ বিপুল কছাৰী, ফুলবাৰীত অগপৰ পূৰ্ণ বৰা, মাধপুৰত বিজেপিৰ প্ৰতাপ কছাৰী, তামুলবাৰীত কংগ্ৰেছৰ লক্ষেশ্বৰ হাজৰিকা, চামগুৰিত বিজেপিৰ পুলক কছাৰী, বৰহোলাত নিৰ্দলীয় বন্দিতা শইকীয়া আৰু আৰু মেৰাবিলত বিজেপিৰ মনদ্বীপ বৰা বিজয়ী হৈছে৷
আনহাতে লখিমপুৰ জিলাৰ অন্তৰ্গত বঙালমাৰা সমষ্টিত বিজেপিৰ লেখন বৰা, পাভত বিজেপিৰ কেশৱ নেওগ, লখিমপুৰত বিজেপিৰ জ্যোতি বৰা, বিহপুৰীয়াত বিজেপিৰ কেশৰাম বৰা আৰু জকাইপেলোৱাত অগপৰ ধনেশ্বৰ হাজৰিকা বিজয়ী হৈছে৷
ইফালে ধেমাজি জিলাৰ অন্তৰ্গত একমাত্ৰ ৰূপহী গড়পৰা আসনখত বিজেপিৰ ৰাজু শইকীয়াই বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















