অৱশেষত অৰুণাচল প্ৰদেশত সন্ধানহীন ৭ সেনা জোৱানক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে৷
উল্লেখ্য যে যোৱা ৬ ফেব্ৰুৱাৰিত অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰৰ পাহাৰৰ শিখৰত হিমস্খলনৰ ফলত টহলদাৰী সেনাৰ ৭ গৰাকী জোৱান সন্ধানহীন হৈছিল৷
সেনা জোৱানকেইজনৰ সন্ধানহীন হোৱাৰ পিছতে হিমবাহত আৱদ্ধ হোৱাৰ আশংকা কৰি সেনা বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল৷
দুটা দিন অভিযান চলোৱাৰ অন্তত মংগলবাৰে সাতগৰাকী সেনা জোৱানৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় সেনাৰ উদ্ধাৰকাৰী দলে৷
মংগলবাৰে ভাৰতীয় সেনাই সন্ধানহীন আটাইকেইজন সেনা জোৱানেই মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে৷
ভাৰতীয় সেনাই এক বিবৃতিত কয়, “৬ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশৰ কামেং চেক্টৰৰ উচ্চতাত হিমস্খলনৰ সন্ধানহীন হোৱা সাতজন সেনা জোৱানৰ মৃত্যু হৈছে।”
বিবৃতিটোত লগতে কোৱা হৈছে, “হিমস্খলনৰ স্থানৰ পৰা আটাইকেইজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















