ভাৰতীয় ক্ৰিকেট দলৰ হৈ খেলাৰ সপোন লৈয়ে এদিন খেল পথাৰত নামিছিল ল’ৰাজন৷ আৰ্থিকভাৱে অতি দুৰ্বল আছিল ঘৰৰ অৱস্থা৷ পিতৃয়ে অ’টো চলাই পোহ-পাহ দিছিল ঘৰখন ৷ তেওঁ অতি কষ্টৰে আগবাঢ়িছিল জীৱনৰ বাটত৷ কিন্তু তেওঁৰ ভাগ্যই তেওঁক লৈ গৈছিল অন্য এটা দিশলৈ৷ এখোজ এখোজকৈ আগবাঢ়ি গৈ স্থান লাভ কৰিছিল ভাৰতীয় ক্ৰিকেট দলত৷ উচ্ছাকাংক্ষী মনৰ সেই ল’ৰাজন এতিয়া ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম তাৰকা খেলুৱৈ৷ তেওঁ হৈছে ভাৰতীয় ফাষ্ট বলাৰ মহম্মদ চিৰাজ৷ আই পি এলত ৰয়েল চেলেঞ্জাৰচ বেংগালুৰুৰ হৈ খেলিছিল খেলুৱৈগৰাকীয়ে৷
২০১৯ চনত IPLত কৰা দুৰ্বল প্ৰদৰ্শনৰ বাবে ক্ৰিকেটপ্ৰেমীৰ সমালোচনাৰ সন্মুখীন হৈছিল চিৰাজ৷ ক্ৰিকেট এৰি তেওঁকো পিতৃৰ সৈতে অ’টো চলোৱাৰ পৰামৰ্শ দি ছ’চিয়েল মিডিয়াত ট্ৰ’ল কৰিছিল একাংশই৷ কিন্তু সমালোচনাক আওকান কৰি আগবাঢ়ি হৈছিল চিৰাজ৷ সেই সময়ৰ ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীয়ে ভৰসা ৰাখিছিল মহম্মদ চিৰাজৰ ওপৰত৷ শেহতীয়াকৈ RCBৰ এক প’ডকাষ্ট অনুষ্ঠানত সেই কথা ৰোমন্থন কৰি আৱেগিক হৈ পৰিল খেলুৱৈগৰাকী৷ ২০১৯ ৰ IPLৰ পাছৰ সেই কঠিন সমালোচনাৰ পাছত নিজকে অধিক শক্তিশালী কৰি তুলিছে ক্ৰিকেটাৰগৰাকীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ