শোণিতপুৰ জিলাৰ জামুগুৰিহাটক নগৰ হিচাপে ঘোষণা কৰাৰ পাছত এইবাৰ পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব পৌৰসভা নিৰ্বাচন। অহা ৬মাৰ্চত অনুষ্ঠিত হ’বলগীয়া জামুগুৰি পৌৰসভাৰ নিৰ্বাচনক লৈ ইতিমধ্যে উৎফুল্লিত হৈ পৰিছে জামুগুৰিহাটৰ ৰাইজ। ১০টা ৱাৰ্ডৰে গঠিত জামুগুৰি পৌৰসভাৰ ১০গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৬৯২০গৰাকী ভোটাৰে।
মঙলবাৰে পৌৰ সভাৰ ১০টা ৱাৰ্ডৰ বাৱে বিজেপি আৰু কংগ্ৰেছ দলৰ ১০জনকৈ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে৷ মনোনয়ন পত্ৰ দাখিল কৰি তথা পোন প্ৰথমবাৰৰ বাবে পৌৰসভাৰ নিৰ্বাচনত অংশ গ্ৰহণ কৰিবলৈ পাই উৎফুল্লিত হৈ পৰা প্ৰাৰ্থীসকলে পৌৰসভা গঠনৰ পাছত নগৰখনত থকা খোৱা পানী, বাটপথকে ধৰি অন্যান্য সমস্যাসমূহ সমাধান কৰাৰ আশ্বাস ব্যক্ত কৰিছে৷ প্ৰাৰ্তীসকলৰ লৈ আশাবাদী জামুগুৰিহাটৰ স্থানীয় জনতা৷
জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ