ঋতুস্ৰাৱৰ সময়ত বহু মহিলাই প্ৰচণ্ড পেটৰ বিষত আক্ৰান্ত হয়৷ বিষে তেওঁলোকক কাবু কৰাই নহয়, নৰক যন্ত্ৰণাও ভোগে৷
বিষৰ বাবে মহিলাই শুব, বহিব, খাব আদি নোৱাৰাৰ দৰে অৱস্থাও হয়৷ বিষৰ পৰা উপশম পাবলৈ বহু মহিলাই গৰম হেক দিয়ে যদিও বিষৰ পৰা তিলমানো সকাহ লাভ নকৰে৷
প্ৰতিবাৰে পেইন কীলাৰ টেবলেটো খাবলৈ ভয় কৰে মহিলাসকল; কাৰণ বাৰে বাৰে পেইন কীলাৰ ঔষধ খালে শৰীৰত পাশ্বপ্ৰতিক্ৰিয়াৰ হোৱাৰ আশংকা থাকে৷
তেনে অৱস্থাত এই প্ৰচণ্ড বিষৰ পৰা উপশম পাবলৈ কি কৰিব পাৰে? এবিধ বস্তুৱে মহিলাক এই সমস্যাৰ পৰা উদ্ধাৰ কৰিব পাৰে৷
সেই বস্তু কি? সেয়া হৈছে আদা৷ হয় আদাই ঋতুস্ৰাৱৰ সময়ত প্ৰচণ্ড বিষত ভুগি থকা মহিলাই বিষৰ পৰা উপশম লাভ কৰোৱাব পাৰে!
আমাৰ শৰীৰত প্ৰোষ্টাগ্লাণ্ডিন নামৰ এবিধ পদাৰ্থ তৈয়াৰ হয়৷ ঋতুস্ৰাৱৰ সময়ত সেই পদাৰ্থবিধ তল পেটলৈ নামি যায় আৰু তাৰ ফলতে প্ৰচণ্ড বিষৰ উৎপত্তি হয়৷
আদা খালে ইয়াৰ পৰা কিছু উপশম লাভ কৰিব পাৰি৷ আদাৰ ৰসে প্ৰোষ্টাগ্লাণ্ডিনৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়৷ আৰু ইয়ে বিষৰ পৰিমাণ হ্ৰাস কৰে৷
এই বিষয়ে বিভিন্ন বিশ্ববিদ্যালয়ত গৱেষণাও হৈছে৷ ২০১৪ চনত প্ৰকাশিত এক গৱেষণাত কোৱা হৈছিল যে যিকোনো বিষৰ সময়ত শৰীৰ পেশীক আদাৰ ৰসে শিথিল কৰে৷ ঋতুস্ৰাৱৰ সময়তো আদাই একেই ভূমিকা গ্ৰহণ কৰে বুলি দাবী কৰিছে বিজ্ঞানীৰ দলে৷
সেয়ে ঋতুস্ৰাৱৰ সময়ত অথবা তাৰ পূৰ্বে নিয়মীয়াভাৱে আদা খালে ঋতুস্ৰাৱৰ সময়ত বিষত ভোগা মহিলাই কিছু হ’লে বিষৰ পৰা উপশম লাভ কৰিব বুলি গৱেষকসকলে দাবী কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ