অসম লাইভ ২৪ঃ বেইজিঙৰ হৃদপিণ্ডত ভয়ানক কঁপনি তুলি বিশাল গৰ্জনেৰে ফ্ৰান্সৰ পৰা ভাৰতমুখী যাত্ৰা আৰম্ভ কৰিলে যুঁজাৰু বিমান ৰাফেলে। বুধবাৰে বীৰত্বৰ ইতিহাস খোদিত ভাৰতৰ ভূমিত অৱতৰণ কৰিব মহা শক্তিশালী যুঁজাৰু বিমান ৰাফেলে। ৫ খন ৰাফেল বিমানে উৰা মাৰিছে ভাৰত অভিমুখে। ফ্ৰান্সৰ মেৰিগনাক বিমান ঘাটিৰ পৰা ৫ খন ৰাফেল বিমান ভাৰত অভিমুখে ৰাওনা হৈছে। বুধবাৰে বিমানকেইখন উপস্থিত হ’বহি ভাৰতত। ইতিমধ্যে অ’ম্বালা বিমান ঘাটিত যুঁজাৰু বিমানকেইখনক আদৰাৰ প্ৰস্তুতি সম্পন্ন কৰি তুলিছে ভাৰতীয় বায়ুসেনাই। ৭,৩৬৪ কিমি. আকাশী দূৰত্ব অতিক্ৰম কৰাৰ সময়ত বিমানকেইখন ইন্ধন ভৰাবলৈ কিছুসময়ৰ বাবে ৰ’ব আবুধাবিত। তদুপৰি মুঠ ১০ ঘণ্টীয়া উৰণত আকাশমাৰ্গতে ফ্ৰান্সৰ বায়ুসেনাই ইন্ধন যোগান ধৰিব ভাৰত অভিমুখী বিমানকেইখনক। ৫ খন বিমানত এই যাত্ৰাত পাইলটৰ আসনত বহিছে ভাৰতীয় বায়ুসেনাৰ পাইলট। ২০১৬ চনত ফ্ৰান্সৰ সৈতে ৩৬ খন ৰাফেল যুঁজাৰু বিমান ক্ৰয়ৰ চুক্তি সম্পন্ন কৰিছিল ভাৰতে। প্ৰায় ৬০ হাজাৰ কোটিটকীয়া এই চুক্তিক লৈ বিতৰ্কৰো সূত্ৰপাত ঘটিছিল। উচ্চতম ন্যায়ালয়ৰ মজিয়াতো উত্থাপন হৈছিল ৰাফেলৰ প্ৰসংগ। এই সকলো বাদ-বিবাদ-বিতৰ্কৰ অন্ত পেলাই আজি ভাৰত অভিমুখে উৰা মাৰিলে ৰাফেল যুঁজাৰু বিমানে। প্ৰথম পৰ্যায়ত অহা ৫ খন বিমানৰ দুখন প্ৰশিক্ষণৰ বাবে ব্যৱহাৰ হ’ব। প্ৰথম পৰ্যায়ত আৰু ৫ খন যুঁজাৰু বিমান শীঘ্ৰেই ভাৰতলৈ আহিব। ইতিমধ্যে ১২ গৰাকী ভাৰতীয় পাইলটক ৰাফেলৰ চালনাৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। ৰাফেলৰ সংযোজনে যে ভাৰতীয় বায়ুসেনাক অধিক উৎসাহী আৰু সাহসী কৰি তুলিব তাত কোনো সন্দেহ নাই। উল্লেখ্য, প্ৰথম পৰ্যায়ত অহা বিমানকেইখন চীনা শত্ৰুৰ দৃষ্টিত থকা লাডাখত ব্যৱহাৰৰ পৰিকল্পনা কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ