ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে সমগ্ৰ বিশ্বই বিৰোধ কৰিলে ভাৰত, চীনকে ধৰি মুষ্টিমেয় দুই এখন দেশে এয়াৰ স্পষ্টকৈ বিৰোধ কৰা নাই৷ ভাৰতে সাপো নমৰক লাঠি নাভাঙক কৌশলী স্থিতি গ্ৰহণ কৰিছে৷
ৰাছিয়াৰ আক্ৰমণৰ বিৰুদ্ধে গৰিহণামূলক প্ৰস্তাৱত দুবাৰকৈ ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ জৰুৰী সভাত ভোটদান নকৰাকৈ তথাকথিত নিৰপেক্ষ স্থিতিৰ কথা দোহাৰিছে৷
ইয়াৰ মাজতে আমেৰিকাই ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত দেশৰ পৰা ১২ গৰাকী কূটনীতিকক বহিষ্কাৰ কৰিছে৷ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দোহাই দি আমেৰিকাই দাবী কৰিছে যে কূটনীতিকসকলৰ চোৰাংচোৱামূলক কামকাজে আমেৰিকাৰ বাবে ভাবুকিস্বৰূপ হৈ পৰিছে৷
লগতে পঢ়ক ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ পত্নীয়ে শ্বেয়াৰ কৰিলে অতি ভাবুক প’ষ্ট! কি লিখিলে জেলেনস্কাই?
ইয়াৰ পিছতে আমেৰিকাৰ মিছন মুখপাত্ৰ অলিভিয়া ডেল্টনে কয় যে কে’বামাহৰ পৰা ৰাছিয়াৰ কূটনীতিকসকলে গুপ্তচৰ তথা চোৰাংচোৱা কামকাজ চলাই আহিছে৷
আনহাতে ৰাছিয়াৰ ৰাষ্ট্ৰদূত ভাছিলি নিবেন’জিয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে দেশখনৰ কূটনীতিকসকলক অহা ৭ মাৰ্চৰ ভিতৰত আমেৰিকা ত্যাগ কৰিবলৈ কোৱা হৈছে৷ ইয়াৰ পিছতে ৰাছিয়া আমেৰিকাৰ বিৰুদ্ধে অধিক আক্ৰমণাত্মক হৈ পৰা দেখা গৈছে৷
লগতে পঢ়ক ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : আমেৰিকা-ব্ৰিটেইন আদিৰ তুলনাত ৰাছিয়াৰ পাৰমাণৱিক অস্ত্ৰ কিমান?
ৰাছিয়াৰ ৰাষ্ট্ৰদূত ভাছিলিয়ে সমগ্ৰ বিষয়টোক লৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকতো অভিযোগ দাখিল কৰাৰ লগতে আমেৰিকাই শত্ৰুতামূলক আচৰণ কৰিছে বুলি অভিযোগ কৰিছে৷ লগতে ৰাষ্ট্ৰসংঘৰ সদৰ কাৰ্যালয়ৰ গৰাকী দেশ হিচাপে আন্তঃৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতিৰ উলংঘা কৰা বুলি অভিযোগ কৰিছে।
ইমানেই নহয় ৰাছিয়াই এই বহিষ্কৰণক যথোচিত প্ৰত্যুত্তৰ লাভ কৰিবলৈ সাজু থাকক বুলিও আমেৰিকাৰ প্ৰতি সকীয়নি প্ৰদান কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















