• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়াতুৰ আমেৰিকাই এইবাৰ পিছ লৈছে ভাৰতৰ

ভয়াতুৰ আমেৰিকাই এইবাৰ পিছ লৈছে ভাৰতৰ

4 years ago
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

4 minutes ago
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

42 minutes ago
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

1 hour ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

2 hours ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

2 hours ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

3 hours ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

4 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

4 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

5 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

6 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

7 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ভয়াতুৰ আমেৰিকাই এইবাৰ পিছ লৈছে ভাৰতৰ

আমেৰিকাই নোৱাৰা কাম ভাৰতে কৰি দেখুৱালে

editor by editor
May 15, 2022
in বিশ্ব, ভাৰত
0
ভয়াতুৰ আমেৰিকাই এইবাৰ পিছ লৈছে ভাৰতৰ
0
SHARES
54
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জিঅ’ পলিটিক্ছ বা ভূ-ৰাজনীতিত ভাৰত যে কিমান চতুৰ তাক দেখি আকৌ এবাৰ তবধ মানিলে বিশ্ববাসীয়ে।
ভাৰতৰ স্থিতি বৰ্তমান-সাপো নমৰাক লাঠীও নাভাঙক ধৰণৰ।

 

যিটো সময়ত আমেৰিকা-বৃটেইন-ফ্ৰান্স আদিয়ে কৰিবলৈ সাহস কৰা নাই সেই সময়ত সকলোকে আচৰিত কৰি তেনে কাম এটাই কৰি দেখুৱালে ভাৰতে।

 

২৪ ফেব্ৰুৱাৰীতে আৰম্ভ হোৱা এখন অন্ত নপৰা যুদ্ধ। ৰাছিয়া-ইউক্ৰেইনৰ সেই তয়াময়া যুদ্ধ। যি যুদ্ধৰ আৰম্ভ হ’ল ঠিকেই কিন্ত্ত সেই যুদ্ধৰ শেষ হোৱাৰ নাম নোলোৱা হ’ল৷ ক্ৰমান্বয়ে শক্তি ক্ষয় হৈছে।
সৈনিক ভাগৰুৱা হৈ লেবেজান হৈ পৰিছে।

 

সকলোফালে প্ৰতিবন্ধকতা…নাই আমদানি নাই ৰপ্তানি লগতে আৰম্ভ হৈছে খাদ্যৰো নাটনি।
কিন্তু নাই৷ ইমানবোৰ সমস্যাৰ মাজটো যুদ্ধ শেষ কৰাৰ নাম লোৱা নাই ৰাছিয়াই৷

 

ভাগৰুৱা-লেবেজান হৈ পৰিলেও যুদ্ধ অব্যাহত ৰাখিছে ৰাছিয়াই ৷ ফলত ইউক্ৰেইনৰ ইটো অঞ্চল ত্যাগ কৰি আকৌ অন্য এটা নতুন অঞ্চলক আক্ৰমণ কৰি গৈছে ৰাছিয়ান সেনাই।

 

অন্ত নোহোৱা এই যুদ্ধৰ ফলাফল কি হ’ব কোনেও নাজানে? জেলেনস্কীয়ে কয়- জয় আমাৰেই হ’ব, সেয়া নিশ্চিত।ইফালে বিজয়যাত্ৰা অব্যাহত ৰাখিলেও সকলোফালে যুদ্ধ জিকিও কৰ’বাত নহয় কৰ’বাত বাৰে বাৰে হাৰিছে পুটিন।

 

যুদ্ধত সহোদৰক হত্যা কৰাৰ বিজয় হাঁহিৰ আঁৰত অন্তৰত ক’ৰবাত নহয় ক’ৰবাত পুটিনৰ আত্মগ্লান।
কিন্তু তথাপিও যুদ্ধ অন্ত নহয়!
যুদ্ধ চলিয়েই আছে, নিৰীহ মানুহবোৰ মৰিয়েই আছে।

 

ইফালে ৰাছিয়া-ইউক্ৰেইনৰ এই যুদ্ধত সকলোতকৈ বেছি বিপাঙত পৰিছে ভাৰত৷
কাৰণ ভাৰতে পশ্চিমীয়া দেশক এৰিব পাৰে?
নে ভাৰতে চিৰবন্ধু ৰাছিয়াক এৰিব পাৰে।

 

সেয়েহে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত
প্ৰতিবাৰে অগ্নিপৰীক্ষাত বহিব লগা হৈছে ভাৰত । ফলত পশ্চিমীয়া দেশৰ হাজাৰটা কঠোৰ সকীয়নিকো আওকাণ কৰিও বিশ্ববাসীয়ে দুৱাৰ বন্ধ কৰা ৰাছিয়াৰ সৈতে ভাৰতে ৰাখিছে আমদানি-ৰপ্তানিৰ সম্পৰ্ক৷

 

উদাহৰণ হিচাপে যুদ্ধৰ সময়ছোৱাতে বিশ্ব সম্প্ৰদায়ৰ প্ৰতিবন্ধকতাক আওকাণ কৰি ভাৰতে পূৰ্বৰ এক শতাংশৰ বিপৰীতে
ৰাছিয়াৰ সৈতে ১৭ শতাংশলৈ বৃদ্ধি কৰিলে খাৰুৱা তেলৰ আমদানি৷

 

ফলত ৰাছিয়া-ভাৰতৰ আমদানি তথা ৰপ্তানিকৃত সামগ্ৰীৰ সামগ্ৰিক সম্পৰ্ক পূৰ্বতকৈ ৩ শতাংশ বৃদ্ধি পালে। ইফালে যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’লোডিমিৰ জেলেনস্কীৰ লগতে পশ্চিমীয়া দেশসমূহেও বাৰে বাৰে ভাৰতক অনুৰোধৰ লগতে সকীয়নি দিয়ে থাকিল ৰাছিয়াক ত্যাগ কৰি ভাৰতক বিশ্বৰ সৈতে মিলিবৰ বাবে।

 

কিন্তু ভাৰত নাচোৰবান্দা।বিশ্বই অকলশৰীয়া কৰিলেও ভাৰতে অকলশৰীয়া নকৰে বন্ধুৰাষ্ট্ৰ ৰাছিয়াক৷ কিন্তু ভাৰতে ৰাছিয়াৰ লগত থকা মানেই এইটো নহয়, যে ভাৰতে ৰাছিয়াক যুদ্ধত সহায় কৰিছে বা যোদ্ধাতুৰ ৰাছিয়াক ভাৰতে সমৰ্থন আগবঢ়াইছে।

 

এজন বন্ধুৱে অন্য এজন বন্ধুক অকলশৰীয়া সময়ত যি সংগ দিব লাগে সেই সংগ ভাৰতে দিছে এই সময়ত ৰাছিয়াক৷ অকলশৰীয়া ৰাছিয়াক সংগ দিয়া মানেই ভাৰতে ৰাছিয়াক যুদ্ধত সমৰ্থন আগবঢ়োৱাটো নুবুজাই ৷ কিয়নো ভাৰতে প্ৰথম অৱস্থাৰ পৰাই কৈ আহিছে যুদ্ধ কেতিয়াও সমাধানৰ পথ হ’ব নোৱাৰে বা বাৰে বাৰে কৰি আহিছিল ভাৰত শান্তিপূৰ্ণ আলোচনাৰ হে পক্ষপাতি।

 

সেয়েহে যুদ্ধ কামনা নকৰা ভাৰতে নিজৰ মন্তব্যক সঁচা প্ৰমাণ কৰি যুদ্ধ জৰ্জৰ ইউক্ৰেইনৰ ৰাজধানী চহৰ কীভত বিশ্বৰ প্ৰথম ৰাষ্ট্ৰ হিচাপে ১৭ মে’ত পুনৰ মুকলি কৰিব ভাৰতীয় দূতাবাস।

 

ভাৰতৰ এই সিদ্ধান্তত জেলেনস্কী আৱেগিক হৈ পৰাৰ লগতে ভাৰতৰ সাহসিকতাক বাঃ বাঃ জনালে ভাৰতক কটু সমালোচনা কৰি থকা পশ্চিমীয়া ৰাষ্ট্ৰই।

 

বিগত প্ৰায় দুটা সপ্তাহৰ পৰা জেলেনস্কীয়ে বিশ্ববাসীক বাৰে বাৰে অনুৰোধ কৰি আহিছিল বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰৰ দূতাবাসসমূহ মুকলি কৰিবৰ বাবে ৷ কিয়নো দূতাবাসসমূহ মুকলি কৰাৰ লগে লগে ইউক্ৰেইনত থকা ৰাছিয়ান যোদ্ধাতুৰ সৈনিকসমূহ স্বয়ংক্ৰিয়ভাৱে শান্ত হৈ পৰিব৷

 

দূতাবাসৰ এনে মুকলিয়ে যুদ্ধ যুঁজাৰ পৰিসৰ আপোনা-আপুনি হ্ৰাস কৰিবলৈ বাধ্য হ’ব ৰাছিয়াই৷ আৰু জেলেনস্কীৰ এনে আহ্বানত কোনো ৰাষ্ট্ৰই যুদ্ধজৰ্জৰ ইউক্ৰেইনত দূতাবাস মুকলিৰ সাহস নকৰাত ভাৰতে আগবাঢ়ি গ’ল পুনৰ ইউক্ৰেইনত দূতাবাস মুকলিৰ বাবে।

 

ভাৰত চৰকাৰৰ এনে সিদ্ধান্তক এই সময়ত জেলেনস্কীৰ মনত পুনৰ নায়ক হৈ পৰিছে ভাৰত। ইফালে আন এক তথ্য অনুসৰি ভাৰতৰ এই সাহসিকতাৰ পিছতেই অতি তৎকালীনভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰয়ো সেই দেশত দূতাবাস মুকলিৰ পূৰ্ণ সম্ভাৱনাৰ তথ্য লাভ কৰা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam ka tazza khabaraxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in Assamindianarendra-modiRussia Ukraine invasion
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া
ভাৰত

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

April 7, 2026
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?
জীৱনশৈলী

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

April 6, 2026
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ
জীৱনশৈলী

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

April 6, 2026
Next Post
লকডাউনৰ মাজতো উত্তৰ কোৰিয়াত ক’ৰনাৰ গণ সংক্ৰমণ

লকডাউনৰ মাজতো উত্তৰ কোৰিয়াত ক'ৰনাৰ গণ সংক্ৰমণ

ড্ৰামা কুইন ৰাখীৰ নতুন প্ৰেমিক! প্ৰেমিকৰ সৈতে ভিডিঅ’ শ্বেয়াৰ কৰি কি ক’লে ৰাখীয়ে?

ড্ৰামা কুইন ৰাখীৰ নতুন প্ৰেমিক! প্ৰেমিকৰ সৈতে ভিডিঅ’ শ্বেয়াৰ কৰি কি ক’লে ৰাখীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.