লাডাখত দুৰ্ঘটনাত পতিত হৈছে সেনা বাহিনীৰ এখন বাহন৷ লাডাখৰ তুৰ্টুক ছেক্টৰত সংঘটিত হৈছে এই ভয়াৱহ দুৰ্ঘটনাটো৷
ভাৰতীয় সেনাই প্ৰকাশ কৰা অনুসৰি শুকুৰবাৰে ছেক্টকৰটোৰ সেনা জোৱান কঢ়িয়াই নিয়া এখন বাহন শ্বিয়ক নৈত সৰি পৰাৰ ফলতে উক্ত দুৰ্ঘটনাটো সংঘটিত হয়৷
প্ৰায় ৫০ৰ পৰা ৬০ ফুট তললৈ সৰি পৰাত বাহনখনত থকা ২৬ গৰাকী সেনা জোৱানৰ মাজৰ ৭ গৰাকী জোৱানৰ মৃত্যু হৈছে৷
লগতে পঢ়ক ৰণত পৰিল NCB! ড্ৰাগছ কাণ্ডৰ পৰা বৃহৎ সকাহ আৰিয়ান খানৰ!
‘‘পাৰ্তাপুৰৰ ট্ৰেনজিট কেম্পৰ পৰা চাব ছেক্টৰ হানিফৰ এটা ফৰৱাৰ্ড লোকেচনলৈ ২৬ জনীয়া এটা দলে যাত্ৰা কৰিছিল। বাহনখন পথৰ পৰা ছিটিকি গৈ শ্বিয়ক নদীত সৰি পৰে, যাৰ ফলত বাহনখনত থকা আটাইকেইজন জোৱান আহত হয়।’’ ভাৰতীয় সেনাই এক বিবৃতিত এইদৰে কয়৷
দুৰ্ঘটাৰ খবৰ লাভ কৰাৰ লগে লগে লেহৰ পৰা উদ্ধাৰ অভিযানৰ বাবে এটা দল প্ৰেৰণ কৰা হয়৷ দলটোৱে আঘাতপ্ৰাপ্ত ২৬ গৰাকী জোৱানক উদ্ধাৰ কৰি সেনাৰ ফিল্ড হাস্পতাললৈ লৈ যায়৷ আৰু তাতে চিকিৎসাধীন অৱস্থাত আহত সেনা জোৱানৰ মাজৰ ৭ জনৰ মৃত্যু হয়।
লগতে পঢ়ক কুকুৰ বাবে ষ্টেডিয়ামক ব্যৱহাৰ IAS দম্পতীৰ, শাস্তিমূলক বদলি হ’ল লাডাখ-অৰুণাচললৈ
ভাৰতীয় সেনাই লগতে কয় যে গুৰুতৰভাৱে আহত সেনা জোৱানসকলক উন্নত চিকিৎসাৰ বাবে পশ্চিম কমাণ্ডলৈ স্থানান্তৰিত কৰাৰ বাবে বায়ুসেনাৰ হেলিকপ্টাৰেৰে ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে৷
বাতৰি প্ৰস্তুত কৰি থকালৈকে নিহত সেনা জোৱানকেইজনৰ নাম প্ৰকাশ কৰা হোৱা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ