• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছালত হোৱা ভেঁ‌কুৰৰ সংক্ৰামক ৰোগৰ পৰা কেনেকৈ উপশম লাভ কৰিব?

ছালত হোৱা ভেঁ‌কুৰৰ সংক্ৰামক ৰোগৰ পৰা কেনেকৈ উপশম লাভ কৰিব?

4 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

1 week ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

1 week ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

1 week ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

1 week ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

1 week ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

1 week ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

1 week ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

1 week ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

1 week ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

1 week ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

1 week ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছালত হোৱা ভেঁ‌কুৰৰ সংক্ৰামক ৰোগৰ পৰা কেনেকৈ উপশম লাভ কৰিব?

editor by editor
May 28, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
ছালত হোৱা ভেঁ‌কুৰৰ সংক্ৰামক ৰোগৰ পৰা কেনেকৈ উপশম লাভ কৰিব?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডাঃ দীপক কুমাৰ আগৰৱালাঃ মানৱদেহৰ আন বিভিন্ন অংগৰ দৰেই দেহৰ সৰ্ববৃহৎ অংগবিধ অৰ্থাৎ দেহৰ ছালখনৰো বিভিন্ন ধৰণৰ ৰোগ হয়। এই সকলোবোৰ চৰ্মৰোগৰ ভিতৰতে এবিধ প্ৰধান ৰোগ হৈছে ছালত হোৱা ভেঁ‌কুৰ বা ফাংগাছৰ সংক্ৰমণৰ ফলস্বৰূপে হোৱা ভিন্নধৰণৰ ৰোগ। ভেঁ‌কুৰৰো বহুসংখ্যক প্ৰজাতি আছে। যিবোৰে যিকোনো ধৰণৰ স্থান অথবা মানৱদেহতো বাস কৰিব পাৰে। যেনে লেতেৰা বস্তুৰ মাজত, গছ-বনত, ঘৰুৱা বিভিন্ন ধৰণৰ আচ-বাবত, পানীত আৰু আনকি মানুহৰ ছাল পৰ্যন্ততো এই ভেঁ‌কুৰৰ ভিন্ন প্ৰজাতি বা অংশবিশেষে বাস কৰিব পাৰে। যদিওবা বিশ্বব্যাপী উপলব্ধ অৰ্ধেক অংশ ভেঁ‌কুৰ হে অপকাৰী৷ পিছে এই অপকাৰীবোৰেহে মানৱদেহত বাস কৰিবলৈ ধৰে— মানেই ই কাৰ্যতঃ নিজস্ব বিষাক্ত সংক্ৰমণ বিয়পাবলৈ আৰম্ভ কৰে।

ইয়াৰ ফলস্বৰূপেই বিভিন্ন ধৰণৰ চৰ্মৰোগ হোৱা দেখা যায়। কেতিয়াবা এনে সংক্ৰমণৰ ফলত ছালত ঘঁ‌হনি খোৱাৰ দৰে ৰঙচুৱা পৰা বা পানীজ্বোলা পৰ্যন্ত উঠিবও পাৰে। ছালত এনেদৰে হোৱা ভেঁ‌কুৰ সংক্ৰমক ৰোগসমূহ প্ৰধানতঃ আমাৰ দেশত অতিকেই সুলভ বা সহজেই হয়। পিছে দুখৰ বিষয় যে এনে ৰোগ হোৱা যেন পালেই ৰোগীয়ে সহজলভ্যৰূপত ওচৰৰ ফাৰ্মাচিত পোৱা ষ্টেৰ’ইডযুক্ত মলম ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে, যিয়ে ৰোগ নিৰাময় কৰাৰ ঠাইত ৰোগক দীৰ্ঘস্থায়ী কৰি তোলাৰ লগতে উপযুক্ত চিকিৎসাত অধিক পলম হয় আৰু আনুষংগিকভাৱে ষ্টেৰ’ইডৰ কু-প্ৰভাৱো দেহত পৰিবলৈ আৰম্ভ কৰে। ষ্টেৰ’ইডযুক্ত বিভিন্ন মলম যেনে— বেটন’ভেট-চি, ক্ল’বেটামেল-জি এম, লেবাটে-জি এন আদি অতি সহজেই ৰোগীয়ে ব্যৱহাৰ কৰে আৰু ইয়াৰ ফলত খন্তেকীয়াভাৱে হ’লেও ছালৰ ৰঙা পৰা আৰু খজুৱতি কমি যায় যদিও একে সময়তে আকৌ ভেঁ‌কুৰৰ সংক্ৰমণ পূৰ্বতকৈ অধিক অগ্ৰাসী ৰূপত বাঢ়িবলৈ ধৰে।

যেতিয়াই ৰোগীয়ে এই মলমৰ প্ৰয়োগ বন্ধ কৰে, তেতিয়াই পুনৰাই এই ৰোগে আৰু অধিক শক্তিশালী ৰূপত গা কৰি উঠে আৰু পুনৰ উপায়ন্তৰ হৈ ৰোগীয়ে একেবিধ মলমৰেই ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। মুঠতে চাবলৈ গ’লে ই এক পুণঃপৌণিক প্ৰক্ৰিয়াৰ দৰে হয় আৰু লগতেই ব্যৱহাৰকৰ্তাৰ শৰীৰত ষ্টেৰ’ইডৰ কু-প্ৰভাৱ পৰাও আৰম্ভ হয়। হয়, প্ৰয়োজন সাপেক্ষে চিকিৎসা-প্ৰক্ৰিয়াত ষ্টেৰ’ইডৰ ব্যৱহাৰ কৰা হয়, কিন্তু ই একমাত্ৰ চিকিৎসকৰ পৰামৰ্শ বা প্ৰেছক্ৰিপ্‌চন মতেহে ব্যৱহাৰ কৰা উচিত।

লগতে পঢ়ক KGFৰ প্ৰভাৱ! চিগাৰেট হুপি চিকিৎসাধীন হ’ল কিশোৰ, ক’ত ঘটিল এই ঘটনা?

এজন ব্যক্তিৰ ছাল ভেঁ‌কুৰৰ পৰা হোৱা সংক্ৰমণৰ দ্বাৰা ৰোগগ্ৰস্ত হৈছে বুলি কিদৰে জানিব পাৰিব? এই চৰ্মৰোগৰ কেইটিমান লক্ষণৰ বিষয়ে তলত উল্লেখ কৰিছো৷ এইখিনি লক্ষণ আপুনি নিজৰ ছালত দেখিবলৈ পালে বুজিব পাৰিব যে আপোনাৰ ছাল ভেঁ‌কুৰ বা ফাংগাল ইনফেকচন বা সংক্ৰমণৰ ফলত হোৱা ৰোগৰ চিকাৰ হৈছে৷

ক) খজুৱতি, খ) ৰঙচুৱা পৰা ছাল, গ) জ্বলা-পুৰা কৰা, ঘ) চকলা-চকল হোৱা ছাল, ঙ)ছাল ফুলা, চ)পানীজ্বোলা উঠা ইত্যাদি।

এনেধৰণে ভেঁ‌কুৰৰ পৰা সংক্ৰমক ৰোগ মানৱদেহৰ যিকোনো অংশতেই হ’ব পাৰে। ইয়াৰ ভিতৰত কিছুমান বিশেষ অংশ হৈছে যেনে— কটিবন্ধ, কাষলতি, নিতম্ব, কৰঙন ইত্যাদি। এনেদৰে হোৱা ৰোগৰ কেইটিমান প্ৰকাৰ আৰু এইবোৰৰ বিষয়ে কিছু কথা তলত উল্লেখ কৰা হৈছে—

১. এথলিটছ ফুটঃ নামেই সূচাই যে এইবিধ ৰোগে ভৰিত আক্ৰমণ কৰে। এইবিধ আটাইতকৈ সহজ আৰু সুলভে আক্ৰান্ত হোৱা ভেঁ‌কুৰৰ সংক্ৰমক চৰ্মৰোগ বুলিব পাৰি। সাধাৰণতে লেতেৰা মাটিৰ পৰা আৰম্ভ কৰি ৰাজহুৱা শৌচ-প্ৰস্ৰাৱগাৰ আদি খালী ভৰিৰে ব্যৱহাৰ কৰাৰ ফলত এই ৰোগ বিয়পে। এই ৰোগত ভৰিৰ আঙুলিৰ মাজৰ অংশবোৰ বগা ঢেলা পৰিবলৈ আৰম্ভ কৰে আৰু ছালবোৰ এৰাই এৰাই যাবলৈ ধৰে। এই ৰোগে ভৰিৰ তলুৱা পৰ্যন্ত আক্ৰমণ কৰিব পাৰে।

লগতে পঢ়ক প্ৰথমে প্ৰতিষ্ঠানৰ পৰা বৰ্খাস্ত : ছিংগাপুৰস্থিত ষ্টাৰ্টআপৰ সহপ্ৰতিষ্ঠাপকক ধৰ্ষণৰ ভাবুকি!

২. নখত হোৱা ভেঁ‌কুৰৰ সংক্ৰমণঃ এইবিধো আন এবিধ ভৰিৰ নখত হোৱা সমস্যা বা ৰোগ। এই সমস্যাত ৰোগাক্ৰান্ত ব্যক্তিৰ ভৰিৰ আঙুলিৰ নখবোৰ ক্ৰমাৎ হালধীয়া ৰঙৰ হ’বলৈ ধৰে আৰু নখবোৰ ডাঠ হৈ ক্ষণভংগুৰ (সহজেই ভঙা)হৈ পৰে।

৩. জ’ক ইচ্ছ বা খজুৱতিঃ সাধাৰণতে কটিবন্ধ (কঁ‌কাল-পেট আৰু উৰুৰ সংযুক্ত অংশ)ত হোৱা দেখা যায়। এইবিধ চৰ্মৰোগত ছাল ৰঙচুৱা পৰি চকলা-চকল ধৰণৰ হ’বলৈ ধৰে। এইবিধ চৰ্মৰোগে সাধাৰণতে নাৰীৰ তুলনাত পুৰুষক অধিক আক্ৰান্ত কৰা দেখা যায়।

৪. মূৰৰ তালুত হোৱা খৰঃ এইবিধ আঙুঠিৰ আকৃতিৰ খৰ সাধাৰণতে শিশুৰ ক্ষেত্ৰত হোৱা দেখা যায়। খজুৱতি আৰু খৰৰ দুঃপ্ৰভাৱত মূৰৰ চুলি সৰি যায়। পিছে উপযুক্ত চিকিৎসাৰ জৰিয়তে সেই চুলি ঘূৰাই অনা সম্ভৱ।

৫. খৰঃ কম-বেছি পৰিমাণে প্ৰায়বোৰ লোকেই জীৱনকালত এই ৰোগৰ সন্মুখীন হোৱা দেখা যায়। এইবিধ এবিধ অতি সুলভ বা সহজেই হোৱা চৰ্মৰোগ, যি বিয়পেও সহজে। আঙুঠিৰ দৰে আকাৰৰে হোৱা এইবিধ খৰে তীব্ৰ খজুৱতি আৰু জ্বলা-পুৰাৰ সৃষ্টি কৰে। আৰু চিকিৎসা অবিহনে এই ৰোগ দীৰ্ঘস্থায়ী হোৱাৰ সম্ভাৱনা থাকে।

৬. খমিৰ(ইষ্ট)ৰ ফলত হোৱা সংক্ৰমণঃ এবিধ খমিৰ বা ভেঁ‌কুৰৰ ফলত এইবিধ সংক্ৰমণ হয়। যেতিয়া এই খমিৰবিধ অত্যধিক মাত্ৰাত বৃদ্ধি পাবলৈ ধৰে, তেতিয়াই এই ৰোগে গা কৰি উঠে। এইবিধ সংক্ৰমণ সাধাৰণতে মানৱদেহৰ উষ্ণ, তেলেতীয়া অংশ আদিত সহজে হোৱা দেখা যায়। এই ৰোগে ব্যক্তি এজনৰ কাষলতি, কটিবন্ধ, নখ, মুখগহ্বৰ আৰু নাৰীৰ ক্ষেত্ৰত যৌনাঙ্গ পৰ্যন্ত সংক্ৰমিত হ’ব পাৰে।

লগতে পঢ়ক মুখ্যমন্ত্ৰী মানৰ পুনৰ চমক! ৪২৪ ভিআইপিৰ নিৰাপত্তাৰক্ষী তাৎক্ষণিকভাৱে কৰ্তন

দেহৰ অন্যান্য ৰোগে যিদৰে আমুৰি দিয়ে ঠিক একেদৰেই চৰ্মৰোগত আক্ৰান্ত ব্যক্তি এজনে অনুভৱ কৰিব পাৰে যে ইয়াৰ দ্বাৰা আক্ৰান্ত হোৱাৰ যন্ত্ৰণা কিমান! পৰ্যাপ্ত পৰিমাণে চাফ-চিকুণতা বজাই চলিও বহু সময়ত এজন ব্যক্তি এনেদৰে ভেঁ‌কুৰৰ ফলত হোৱা চৰ্মৰোগৰ পৰা হাত সাৰিব নোৱাৰে। এনে ৰোগত ভূগিলে ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ আগেয়েই অৰ্থাৎ ৰোগে অসহনীয় ৰূপ লোৱাৰ পূৰ্বেই চৰ্মৰোগৰ চিকিৎসকৰ সহায় লওক আৰু উপযুক্ত চিকিৎসাৰ দ্বাৰা চৰ্মৰোগৰ জটিলতাৰ পৰা মুক্তি লভক। এইক্ষেত্ৰত প্ৰথমেই কৰণীয় হৈছে যে যিমান সোনকালে পাৰে, কোনো চৰ্মৰোগ বিশেষজ্ঞৰ কাষ চাপক আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি প্ৰয়োজনীয় সময়ৰ বাবে চিকিৎসা অব্যাহত ৰাখক। ছালত ইতিমধ্যে হোৱা ৰোগক আৰু বেছিকৈ প্ৰসাৰিত হ’বলৈ নিদিবৰ বাবে নিজে ল’ব পৰা কেইটিমান উপায় তলত দিয়া হৈছে—

ক) ৰোগগ্ৰস্ত ছালৰ অংশখিনি যিমান পাৰে শুকানে ৰাখক।

খ) দিনে দুবাৰকৈ অন্তৰ্বাস সলনি কৰক।

গ) সঘনাই মোজা সলনি কৰক।

ঘ) অন্তৰ্বাসবোৰ ধুই ৰ’দত ওলটাই শুকুৱাওক।

ঙ) ঘৰৰ কোনো সদস্যলৈ যদি ৰোগৰ সংক্ৰমণ ঘটিছে, তেন্তে তেওঁৰো ততালিকে চিকিৎসা কৰাওক।

লেখক- এম ডি, ডাৰ্মাট’লজী আৰু যৌনৰোগ বিশেষজ্ঞ, মেডিচিটি গুৱাহাটী। ফোন-৯১৯৭০৭০৪৮৬১৬

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamskin fungal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
পপীয়া তৰাৰ দৰে খহি পৰিল কংগনা

পপীয়া তৰাৰ দৰে খহি পৰিল কংগনা

দেশজুৰি নিন্দিত ভগৱন্ত মান! দিন দুপৰতে কোনে হত্যা কৰিলে পঞ্জাৱী শিল্পী সিদ্ধুক?

দেশজুৰি নিন্দিত ভগৱন্ত মান! দিন দুপৰতে কোনে হত্যা কৰিলে পঞ্জাৱী শিল্পী সিদ্ধুক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.