পঞ্জাবৰ জনপ্ৰিয় গায়ক সিদ্ধু মুছ ৱালাৰ অন্তিম সৎকাৰ কৰাৰ এদিন পিছতে তেওঁক হত্যাৰ কৰাৰ সমগ্ৰ পৰিকল্পনাৰ তথ্য পোহৰলৈ আহিছে। হত্যাকাৰীয়ে অত্যন্ত শীতল মস্তিষ্কৰে গায়ক তথা ৰাজনৈতিক নেতাজনক হত্যাৰ পৰিকল্পনা কৰিছিল।
ঘটনাৰ বিৱৰণীৰ মতে প্ৰয়াত কণ্ঠশিল্পীগৰাকীৰ পেহীয়েক অসুস্থ হোৱাত বৰ্ণলা জিলাত থকা পেহীয়েকক চাবলৈ গৈছিল। সেই সময়ত গায়কজন সততে তেওঁক যাত্ৰা কৰা মহিন্দ্ৰা থাৰ এছ ইউ ভি বাহনখনত গৈছিল৷ বাহনখনত পিছৰ চিটত বন্ধু গুৰবিন্দৰ সিং আৰু আগৰ চিটত গুৰপ্ৰীত সিং তেওঁৰ সহযাত্ৰী আছিল।
প্ৰয়াত সিদ্ধুৰ বন্ধু গুৰবিন্দে কয় যে যিহেতু এখন থাৰ জীপত পাঁচজন লোক যাত্ৰা কৰাটো কঠিন আছিল, সেয়েহে গায়কজনে নিজৰ পেৰেড-ডাউন ছিকিউৰিটি লৈ যাত্ৰা কৰা নাছিল। যাৰ কাৰণে এক অনাকাংক্ষিত ঘটনাৰ সৃষ্টি হয়৷
লগতে পঢ়ক জীৱনৰ অন্তিম দিনা কি গানেৰে শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি থৈ গ’ল কে কে-এ?
সিদ্ধু মুছৱালা পেহীয়েকৰ গাঁৱত উপস্থিত হোৱাৰ লগে লগে পিছফালৰ পৰা গুলীচালনা হয় আৰু আন এখন বাহনে তেওঁৰ জীপখন সন্মুখৰ পৰা ঘেৰি ধৰে। জীপখনৰ সন্মুখত অটোমেটিক এছাল্ট ৰাইফল লৈ অহা এজন লোক উপস্থিত হৈ নিৰ্বিচাৰে গুলীচালনা আৰম্ভ কৰে৷
২৮ বছৰীয়া কণ্ঠশিল্পীগৰাকীয়ে আত্ম ৰক্ষাৰ বাবে তেওঁৰ পিষ্টলৰ পৰাও দুটা গুলী ফুটাইছিল যদিও ইয়াৰ সৈতে অত্যাধুনিক এছ’ল্ট ৰাইফলৰ কোনো মিল নাছিল। লগতে গুৰবিন্দৰ সিঙে কয় যে তিনিফালৰ পৰা শ্বুটাৰে গুলীচালনা কৰিছিল৷ সিদ্ধু মুছৱালাই জীপত উঠি পলায়ন কৰিবলৈ চেষ্টা কৰিছিল যদিও পলায়ন কৰিব পৰা নাছিল৷
ইফালে, আৰক্ষীৰ সূত্ৰই পূৰ্বে প্ৰকাশ কৰা মতে সিদ্ধু মুছৱালাক প্ৰায় আঠৰ পৰা দহজন আক্ৰমণকাৰীয়ে ৩০ বাৰতকৈ অধিক গুলী ফুটাই গুলীয়াই হত্যা কৰিছিল। ইমানবোৰ গুলী চলোৱাৰ পিছতো আক্ৰমণকাৰীয়ে তেওঁ জীয়াই আছে নে নাই পৰীক্ষা কৰিছিল বুলি আৰক্ষীয়ে মন্তব্য কৰে৷
লগতে পঢ়ক কেনেকৈ মৃত্য হ’ল জনপ্ৰিয় কণ্ঠশিল্পী কে কেৰ? মৃত্যুৰ পূৰ্বে কি কৈছিল কে কে-এ?
পঞ্জাৱৰ মানছা জিলাৰ যি ঠাইত হত্যাকাণ্ডটো সংঘটিত হৈছিল. সেই স্থানত উদ্ধাৰ হোৱা গুলীৰ পৰা বুজা যায় যে এই আক্ৰমণত AN ৯৪ ৰাছিয়ান এছাল্ট ৰাইফলো ব্যৱহাৰ কৰা হৈছিল। আৰক্ষীয়ে ইতিমধ্যে এটা পিষ্টলও উদ্ধাৰ কৰিছে। আনহাতে পঞ্জাৱ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ প্ৰত্যক্ষদৰ্শী কণ্ঠশিল্পীগৰাকী পিতৃ বালকৌৰ সিঙৰ এজাহাৰৰ পিছতে হত্যা আৰু অস্ত্ৰ আইনৰ অভিযোগত এফ আই আৰ ৰুজু কৰিছে।
প্ৰয়াত কণ্ঠশিল্পীগৰাকীৰ পিতৃৰ মন্তব্য, ‘‘দেওবাৰে মোৰ পুত্ৰই তেওঁৰ বন্ধু গুৰৱিন্দৰ সিং আৰু গুৰপ্ৰীত সিঙৰ সৈতে থাৰ গাড়ীত উঠি গুচি গৈছিল। তেওঁ বুলেটপ্ৰুফ ফৰ্চুনাৰ আৰু দুজন গাৰ্ডক লগত লৈ যোৱা নাছিল। মই তেওঁৰ পিছে পিছে আন এখন গাড়ীত উঠিছিলো দুজন সশস্ত্ৰ জোৱানৰ সৈতে৷ কিছু মিনিটৰ ভিতৰতে গাড়ীবোৰ দ্ৰুতগতিত গুচি গৈছিল। মই চিঞৰিবলৈ ধৰিলোঁ আৰু মানুহ গোট খালে। মই মোৰ পুত্ৰ আৰু তেওঁৰ বন্ধুসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ গ’লো য’ত তেওঁৰ মৃত্যু হ’ল।’’
২৮ বছৰীয়া কণ্ঠশিল্পীগৰাকীৰ পিতৃৰ অভিযোগ যে কেইবাজনো গেংষ্টাৰে কণ্ঠশিল্পীগৰাকীক ফোনযোগে ভাবুকি দিছিল। ইতিমধ্যে এই গোচৰত ৬ জন সন্দেহযুক্ত লোকক আটক কৰা হৈছে।
লগতে পঢ়ক দলত্যাগ নহয়, কংগ্ৰেছৰ পৰা বহিষ্কাৰহে! কাৰ বাবে স্থান নাই কংগ্ৰেছত?
জনপ্ৰিয় ৰেপাৰ-গায়িকাগৰাকীৰ নিৰাপত্তা কিয় হ্ৰাস কৰা হ’ল সেই সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে। উল্লেখযোগ্য যে, কানাডাৰ গেংষ্টাৰ গোল্ডী ব্ৰাৰে ফেচবুকত সিদ্ধু মুছৱালাৰ হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে। গোল্ডী ব্ৰাৰ গেং নেতা লৰেন্স বিষ্ণয়ৰ ঘনিষ্ঠ আছিল লগতে দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নেতা৷
বৰ্তমান বিভিন্ন গোচৰত অভিযুক্ত হৈ যিজন তিহাৰ জেলত কাৰাবাস খাটি আছে গোল্ডী বাৰে। কিন্তু প্ৰশ্ন হয় জেলত থাকিও ইমান ভয়ংকৰ হত্যাৰ ষড়যন্ত্ৰ কেনেকৈ ৰচনা কৰিলে গেষ্টাৰ গোল্ডীয়ে?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ