বিশ্ববিখ্যাত শিল্পী জাষ্টিন বেইবাৰে পক্ষাঘাতগ্ৰস্ত ৰোগত আক্ৰান্ত হৈছে৷ শিল্পীগৰাকীয়ে শেহতীয়াকৈ এক ভিডিঅ’ বাৰ্তাত প্ৰকাশ কৰিছে যে তেওঁ মুখৰ পক্ষাঘাতগ্ৰস্ত ৰোগত আক্ৰান্ত হোৱাৰ বাবে নিজৰ মিউজিকেল ট্যুৰ বাতিল কৰিবলগীয়া হৈছে।
জাষ্টিনে এটা ভিডিঅ’ শ্বেয়াৰ কৰি প্ৰকাশ কৰিছে যে তেওঁ নিজৰ মিউজিকেল ট্যুৰ বাতিল কৰিছে কাৰণ তেওঁৰ মুখৰ আধা অংশ অসুস্থতাৰ বাবে পক্ষাঘাতগ্ৰস্ত হৈ পৰিছে।
জাষ্টিনে কয় যে তেওঁৰ ৰামছে হান্ট চিনড্ৰম ধৰা পৰিছে আৰু ইয়াৰ বাবেই তেওঁৰ মুখৰ আধা অংশ পক্ষাঘাতগ্ৰস্ত হৈ পৰিছে। জাষ্টিনে টৰন্টো আৰু ৱাশ্বিংটন শ্ব’ বাতিল কৰাৰ পিছতে এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে।
লগতে পঢ়ক বিয়াৰ দুদিনৰ পিছতে বিপদত নয়নতৰা! আইনী সমস্যাত দক্ষিণৰ অভিনেত্ৰীগৰাকী!
তেওঁ লগতে কয় যে তেওঁৰ মুখখনৰ আধা অংশ লৰচৰ কৰিবলৈ অসুবিধা পাইছে। জাষ্টিনে ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, ‘‘চাওঁকচোন। মই আপোনালোক সকলোকে বহুত ভাল পাওঁ আৰু মোক আপোনালোকৰ প্ৰাৰ্থনাৰ প্ৰয়োজন।’’
ভিডিঅ’টোত জাষ্টিনে লগতে কৈছে, ‘‘মোৰ পৰৱৰ্তী শ্ব’ বাতিল হোৱাৰ বাবে যিসকল লোকে বিচলিত হৈ পৰিছে, তেওঁলোকক কওঁ যে মই এতিয়া এই কাম কৰিবলৈ শাৰীৰিকভাৱে সাজু নহয়৷ মোৰ শৰীৰে কৈছে যে মোক বিশ্ৰামৰ প্ৰয়োজন। আশাকৰো সকলোৱে বুজি পাব।’’
তেওঁ মুখৰ এটা অংশ দেখুৱাই কয় যে ‘‘মই এফালৰ পৰা হাঁহিবলৈ অক্ষম। এই নাকৰ ফুটাও লৰচৰ কৰা নাই। গতিকে মোৰ মুখৰ এটা অংশ সম্পূৰ্ণ পক্ষাঘাতগ্ৰস্ত হৈ পৰিছে।’’
লগতে পঢ়ক অ’ই ৰাম ‘কিয়াৰা-সিদ্ধাৰ্থ’ৰ বিয়াহে! পুনৰ মিলনৰ পিছত বিয়াৰ প্ৰস্তুতি সম্পূৰ্ণপ্ৰায়!
সুস্থ হ’বলৈ কিমান সময় লাগিব সেয়া তেওঁ নাজানে। অৱশ্যে তেওঁ কয় যে এতিয়া তেওঁ জিৰণি ল’ব, থেৰাপী ল’ব আৰু কিছুমান মুখৰ ব্যায়াম কৰিব।
জাষ্টিনৰ এই ভিডিঅ’টোত অনুৰাগীৰ পৰা আৰম্ভ কৰি চেলিব্ৰিটিলৈকে সকলোৱে তেওঁৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ